বুধবাৰে ভাৰত বন্ধ হ’বনে? কেন্দ্ৰৰ বিৰুদ্ধে ধৰ্মঘটত ২৫ কোটি কৰ্মচাৰীয়ে অংশ লোৱাৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:January 7, 2020, 8:12 PM IST
বুধবাৰে ভাৰত বন্ধ হ’বনে? কেন্দ্ৰৰ বিৰুদ্ধে ধৰ্মঘটত ২৫ কোটি কৰ্মচাৰীয়ে অংশ লোৱাৰ সম্ভাৱনা

  • Share this:
বুধবাৰে ১০টা কেন্দ্ৰীয় ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধৰ কাৰণে আপোনাৰ কাম কাজত ব্যাঘাত জন্মিব। যদিহে আপোনাৰ বেংক সংক্ৰান্তীয় কোনো কাম আছে তেনেহ’লে সেয়া বুধবাৰলৈ স্থগিত কৰক। কেন্দ্ৰ চৰকাৰে নিজৰ কৰ্মচাৰীসকলক ধৰ্মঘট কৰিলে ‘পৰিণতি’ ভুগিব লাগিব বুলি উল্লেখ কৰিছে। কেন্দ্ৰই কৰ্মচাৰীসকলক কঠোৰ সকীয়নি দি এই ধৰ্মঘটৰ পৰা আতৰি থাকিবলৈ নিৰ্দেশ দিছে। চৰকাৰে কৰ্মচাৰীৰ বিৰুদ্ধে অন্যথাই বেতন কৰ্তন আৰু অনুশাসনমূলক ব্যৱস্থা লোৱাৰো হুমকি দিছে। কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ট্ৰেড ইউনিয়ন সমূহে বন্ধৰ আহ্বান জনাইছে। এই বন্ধত ২৫কোটি লোকে অংশগ্ৰহণ কৰাৰ দাবী কৰা হৈছে। এই ধৰ্মঘটত বেংকিং, কয়লা, তেল, প্ৰতিৰক্ষা, ৰাজহুৱা ক্ষেত্ৰ আৰু পৰিবহন ক্ষেত্ৰৰ কৰ্মচাৰীসকলে অংশ ল’ব। আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজকে এই ধৰ্মঘটৰ পৰা আতৰাই ৰাখিছে। বেনাৰ্জীয়ে কয় যে এনআৰচি আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ বিৰোধলৈ তেওঁৰ সমৰ্থন আছে কিন্তু ভাৰত বন্ধৰ পৰা তেওঁ দূৰৈত থাকিব।

ইয়াৰ মাজতে চেন্ট্ৰেল ট্ৰেড ইউনিয়নে বুধবাৰে ধৰ্মঘটৰ কাৰণে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাসমূহ জানুৱাৰী মাহৰ দ্বিতীয়টো সপ্তাহলৈ স্থগিত কৰাক লৈ আগ্ৰহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ট্ৰেড ইউনিয়নে যোৱা ছেপ্তেম্বৰ মাহতে চৰকাৰ বিৰোধী নীতিৰ বিৰুদ্ধে জানুৱাৰী মাহৰ ৮ আৰু ৯তাৰিখে ধৰ্মঘট কৰাৰ পৰিকল্পনা কৰিছিল।

আই এন টি ইউ চি, এ আই টি উফ চি, চিটু, এ আই ইউ টি ইউ চি, এ আই চি চি টি ইউ আদিকে ধৰি কেইবাটাও সংগঠন আৰু সন্মিলিত মঞ্চই সমৰ্থন আগবঢ়াইছে এই বন্ধলৈ।
আৰু চাওক
পৰৱৰ্তী বাতৰি