আজি কেইবাটাও সংগঠনৰ ভাৰত বন্ধৰ আহ্বান, প্ৰভাৱ পৰিব বেংক–পৰিবহণ সেৱাতো!

News18 Assam | News18-Assam
Updated:January 8, 2020, 7:37 AM IST
আজি কেইবাটাও সংগঠনৰ ভাৰত বন্ধৰ আহ্বান, প্ৰভাৱ পৰিব বেংক–পৰিবহণ সেৱাতো!
এই বন্ধৰ ফলত চৰকাৰী খণ্ডৰ বেংকৰ কাম–কাজত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অৱশ্যে ব্যক্তিগত খণ্ডৰ বেংকসমূহত এই বন্ধৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই।

এই বন্ধৰ ফলত চৰকাৰী খণ্ডৰ বেংকৰ কাম–কাজত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অৱশ্যে ব্যক্তিগত খণ্ডৰ বেংকসমূহত এই বন্ধৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই।

  • Share this:
আজি কেইবাটাও শ্ৰমিক সংগঠনে আহ্বান জনাইছে ভাৰত বন্ধৰ। চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আহ্বান জনোৱা এই বন্ধৰ ফলত বেংক, পৰিবহণ সেৱাৰ লগতে আন ক্ষেত্ৰতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, UTUCকে ধৰি আন কেইবাটাও আন ছেক্টৰৰ স্বতন্ত্ৰ সংগঠনে এই বন্ধলৈ সমৰ্থন আগবঢ়োৱাৰ ঘোষণা কৰিছে। এই বন্ধত ২৫কোটি লোকে অংশগ্ৰহণ কৰাৰ দাবী কৰা হৈছে। এই ধৰ্মঘটত বেংকিং, কয়লা, তেল, প্ৰতিৰক্ষা, ৰাজহুৱা ক্ষেত্ৰ আৰু পৰিবহন ক্ষেত্ৰৰ কৰ্মচাৰীসকলে অংশ ল’ব।

এই বন্ধৰ ফলত চৰকাৰী খণ্ডৰ বেংকৰ কাম–কাজত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অৱশ্যে ব্যক্তিগত খণ্ডৰ বেংকসমূহত এই বন্ধৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই। পৰিবহণ সেৱাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে এই বন্ধই। পশ্চিম বংগত বাওঁ দলৰ সৈতে সম্পৰ্ক থকা শ্ৰমিক সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে বন্ধৰ আহ্বান জনাইছে। অৱশ্যে ৰাজ্য চৰকাৰে এই বন্ধক সমৰ্থন নকৰে বুলি জনাইছে।

১০টা শ্ৰমিক সংগঠনে যৌথ বিবৃতিযোগে মন্তব্য কৰিছে যে শ্ৰম মন্ত্ৰণালয়ে কৰ্মচাৰীৰ কোনো ধৰণৰ দাবীৰ বিষয়ে কোনো আশ্বাস প্ৰদান কৰা নাই। মন্ত্ৰণালয়ে ২ জানুৱাৰীত শ্ৰমিক সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহিছিল। চৰকাৰৰ নীতি আৰু কাৰ্যপন্থালৈ লক্ষ্য কৰিলে শ্ৰমিকসকলক উপেক্ষা কৰা দেখা যায় বুলি মন্তব্য কৰিছে বিবৃতিত।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি