নতুন দিল্লীঃ কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভৰ মাজতে কৃষক সংগঠনে ৮ ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান দিছে। যোৱা ১১দিনে দিল্লীৰ সীমান্তত বিক্ষোভ প্ৰদৰ্শন কৰা কৃষক সংগঠন আৰু চৰকাৰৰ মাজত আলোচনাৰ কোনো সুফল এইপৰ্যন্ত ওলোৱা নাই। অৱশ্যে ইয়াৰ মাজতে ৯ডিচেম্বৰত আকৌ এবাৰ কৃষক সংগঠন আৰু কেন্দ্ৰ চৰকাৰৰ মাজত আলোচনা হ’ব। কিন্তু তাৰ পূৰ্বে সকলো কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে। এনেকুৱাত এইটো জনা উচিত যে ৮ডিচেম্বৰত প্ৰকৃততে কি খোলা থাকিব আৰু কি কি বন্ধ থাকিব।
৮ডিচেম্বৰত কি কি বন্ধ থাকিব?
কৃষক নেতা বলদেৱ সিঙে কয় যে, এই আন্দোলন কেৱল পঞ্জাৱৰ কৃষকৰে নহয় বৰঞ্চ সমগ্ৰ দেশৰ কৃষকৰ। আন্দোলন মজবুত কৰিবলৈ আমি ভাৰত বন্ধৰ আহ্বান কৰিছো। পুৱা ৮বজাৰ পৰা সন্ধিয়ালৈকে এই বন্ধ চলিব। এই সময়চোৱাত দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ থাকিব। হাৰিয়ানা, পঞ্জাৱ আৰু ৰাজস্থানত সকলো হাট বন্ধ থাকিব। কিন্তু বিয়াৰ সকলো কাৰ্যসূচীক ৰেহাই দিয়া হৈছে। এম্বুলেন্স আৰু জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে।
তেওঁ কয় যে, ৮ ডিচেম্বৰত ভাৰত বন্ধ শান্তিপূৰ্ণ হ’ব আৰু গুজৰাটৰ ২৫০ জন কৃষকে বন্ধক সমৰ্থন জনাবলৈ দিল্লীলৈ আহিব। কৃষক সংগঠনে সকীয়নি দিছে যে যদিহে চৰকাৰে তেওঁলোকৰ দাবী নুশুনে তেনেহ’লে তেওঁলোকে আন্দোলন তীব্ৰতৰ কৰিব আৰু দিল্লীলৈ যোৱা সকলো বাট–পথ বন্ধ কৰি দিব।
কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰোধ কৰা সহস্ৰাধিক কৃষকে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সৈতে সংলগ্ন দিল্লী সীমান্তত বাহৰ পাতি আছে। কৃষকে ভাৰত বন্ধৰ আহ্বান জনোৱাৰ পিছত য়োগেন্দ্ৰ যাদৱে এক সংবাদমেলত কয় যে, ৮তাৰিখে পুৱাৰে পৰা সন্ধিয়ালৈ ভাৰত বন্ধ হ’ব। চকা বন্ধ সন্ধিয়ালৈকে থাকিব। গাখীৰ–ফল–মূল–শাক–পাচলিৰ ক্ষেত্ৰত বাধা থাকিব। বিয়া আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত কোনো বাধা দিয়া নহয়।
8 तारीख को सुबह से शाम तक भारत बंद रहेगा। चक्का जाम शाम तीन बजे तक रहेगा। दूध-फल-सब्ज़ी पर रोक रहेगी। शादियों और इमरजेंसी सर्विसेज़ पर किसी तरह की रोक नहीं होगी: सिंघु बॉर्डर पर जय किसान आंदोलन से योगेंद्र यादव pic.twitter.com/gvc14gxSLR