• Home
  • »
  • News
  • »
  • nation
  • »
  • বিদ্যালয়ত পঢ়িব লাগিব ভাগৱত গীতা, ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব ভাগৱত গীতা

বিদ্যালয়ত পঢ়িব লাগিব ভাগৱত গীতা, ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব ভাগৱত গীতা

২০২২-২৩ শিক্ষা বৰ্ষৰ পৰা গুজৰাটৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত থাকিব ভাগৱত গীতা।

২০২২-২৩ শিক্ষা বৰ্ষৰ পৰা গুজৰাটৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত থাকিব ভাগৱত গীতা।

২০২২-২৩ শিক্ষা বৰ্ষৰ পৰা গুজৰাটৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত থাকিব ভাগৱত গীতা।

  • Share this:
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লাগিব ভাগৱত গীতা। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব ভাগৱত গীতা। শিক্ষা বিভাগৰ বাবে বাজেট আৱণ্টনৰ ওপৰত আলোচনাৰ সময়ত গুজৰাটৰ শিক্ষামন্ত্ৰী জিতু বাঘানীয়ে বিধানসভাত এইকথা ঘোষণা কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ শিক্ষা দিয়াৰ উদ্দেশ্যে ৰাজ্যখনৰ শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে।

এই সিদ্ধান্ত কেন্দ্ৰৰ নতুন শিক্ষা নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ। যিয়ে আধুনিক আৰু প্ৰাচীন সংস্কৃতি, পৰম্পৰা আৰু জ্ঞান প্ৰণালী প্ৰৱৰ্তনৰ পৰামৰ্শ দিয়ে যাতে শিক্ষাৰ্থীসকলে ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ বাবে গৌৰৱ অনুভৱ কৰিব পাৰে। এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে।

এক প্ৰেছ বিবৃতি অনুসৰি, ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শাস্ত্ৰখন 'সৰ্বংগী শিক্ষা' বা সামগ্ৰিক শিক্ষাৰ পাঠ্যপুথিত প্ৰৱৰ্তন কৰা হ'ব। আনহাতে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইয়াক প্ৰথম ভাষাৰ পাঠ্যপুথিত কাহিনী কোৱাৰ ৰূপত প্ৰৱৰ্তন কৰা হ'ব।

বিদ্যালয়সমূহে শাস্ত্ৰৰ ওপৰত আধাৰিত কাৰ্যকলাপ যেনে প্ৰাৰ্থনা, শ্লোক আবৃত্তি, বোধগম্যতা, নাটক, কুইজ, পেইণ্টিং আৰু কুইজ প্ৰতিযোগিতা আদিৰ আয়োজন কৰিব। অধ্যয়ন সামগ্ৰী যেনে কিতাপ আৰু অডিঅ'-ভিডিঅ' চিডি চৰকাৰে বিদ্যালয়সমূহক যোগান ধৰিব।
Published by:Himangshu Bhuyan
First published: