ঔষধৰ দোকানতে মৰ্মান্তিক মৃত্যু! ৬ ঘণ্টা ৰাস্তাতে পৰি থাকিল মৃতদেহ, কোৰোণাৰ সন্দেহত আগবাঢ়ি নগ’ল কোনো এজন

News18 Assam | News18-Assam
Updated:July 16, 2020, 4:09 PM IST
ঔষধৰ দোকানতে মৰ্মান্তিক মৃত্যু! ৬ ঘণ্টা ৰাস্তাতে পৰি থাকিল মৃতদেহ, কোৰোণাৰ সন্দেহত আগবাঢ়ি নগ’ল কোনো এজন
মৰ্মান্তিক, অমানৱীয়, লজ্জাজনক ঘটনাটো সংঘটিত হৈছে বিহাৰৰ ভগলপুৰত

মৰ্মান্তিক, অমানৱীয়, লজ্জাজনক ঘটনাটো সংঘটিত হৈছে বিহাৰৰ ভগলপুৰত

  • Share this:
সম্ভৱতঃ শ্বাস-প্ৰশ্বাসত সমস্যা হৈছিল। গতিকে ঔষধ ক্ৰয় কৰিবলৈ দোকানলৈ গৈছিল। কিন্তু দোকানৰ পৰা আকৌ ঘৰলৈ উভতি আহিব নোৱাৰলে লোকজন। ঔষধৰ দোকানতে হঠাত্‍ পৰি গ’ল লোকজন। কিছু সময় চটফটাই দুৰ্ভাগ্যজনক ভাবে সাৱটি লয় মৃত্যু।
কিন্তু আশ্বৰ্যজনক ভাবে, লোকজনক অসহায় অৱস্থা দেখিও আগবাঢ়ি নাহিল কোনো এজন। এটোপাল পানীও নিদিলে লোকজনক। আৰু শেষত দোকানৰ বাহিৰতে মৃত্যু হয় লোকজনৰ। লোকজনে এনেদৰে মৃত্যুক সাৱটি লোৱাত ওচৰৰ দোকান বন্ধ কৰি ওচৰৰ পৰা আঁতৰি যায় সকলো।

ইয়াতেই শেষ নহয়! লোকজনৰ মৃত শৰীৰ ছঘণ্টা ধৰি পৰি থাকে ৰাস্তাতে। সেইসময়ত কোনো এজনেই আৰক্ষীৰ লোক, হাস্পতালৰ কৰ্মী, কোভিড হেল্পলাইনলৈ নকৰিলে ফোন। কোৰোণাত মৃত্যু হোৱাৰ সন্দেহত আগবাঢ়ি নগ’ল কোনো।

বুধবাৰে এই মৰ্মান্তিক, অমানৱীয়, লজ্জাজনক ঘটনাটো সংঘটিত হৈছে বিহাৰৰ ভগলপুৰত। স্থানীয় লোকে জনোৱা মতে, ঔষধৰ দোকানত হঠাত্‍ অসুস্থ হৈ পৰে লোকজন। মৃত্যুৰ পিছত আগবাঢ়ি নগ’ল কোনো এজন।

দোকানৰ কেমিষ্ট মহমদ মুস্তাক খানে জনোৱা মতে, মৃত ব্যক্তজনে এজমাৰ পাম্প ক্ৰয় কৰিবলৈ আহিছিল। পিছত দোকানৰ পৰা উভতিবলৈ লওতেই হঠাত্‍ পৰি যায় লোকজন। কিন্তু কোৰোণা সংক্ৰমণ হোৱাৰ ভয়ত আগবাঢ়ি নগ’ল কোনো এজন।

কেমিষ্ট জনে লগতে কয় যে, ‘মই বহুবাৰ স্থানীয় লোকক অনুৰোধ কৰিলো। কোভিড হেল্পলাইনত ফোন কৰিলো। আৰক্ষীক জনালো। দোকানৰ কাষত ৰৈ বহুজনৰ সহযোগিতা বিচাৰিলো। কিন্তু কোনো আগবাঢ়ি নাহিল। শেষত সহকাৰী মেয়ৰৰ সহযোগীতাত ছঘণ্টাৰ পিছত পি পি ই কিট পৰিধান কৰি মৃতদেহ লৈ যায় স্বাস্থ্য বিভাগৰ লোকে।
Published by: Himangshu Bhuyan
First published: July 16, 2020, 4:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading