পশ্চিমবংগৰ ভবানীপুৰ বিধানসভা সমষ্টিৰ উপ–নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে মমতা বেনাৰ্জীয়ে। অকল বিজয়ে নহয় পূৰ্বৰ বিজয়ৰ সকলো ৰেকৰ্ডো ভংগ কৰে তৃণমূল নেত্ৰীগৰাকীয়ে।
মমতাই ভবানীপুৰ উপ–নিৰ্বাচনৰ ভোটগণনাৰ আৰম্ভণিৰ পৰাই বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰেৱালক অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিছিল আৰু শেষত মমতা বেনাৰ্জীয়ে অভিলেখ ব্যৱধানত জয়ী হয়। মমতা বেনাৰ্জীয়ে সমষ্টিটোত ৫৮৮৩২টা ভোটৰ ব্যৱধানত জয়ী হয়।
২০২১ চনৰ বিধানসভা নিৰ্বাচনত তৃণমূল প্ৰাৰ্থী শোভনদেব চট্টোপাধ্যায়ে বিজেপি প্ৰাৰ্থী ৰুদ্ৰনীল ঘোষক ২৮,৭১৯টা ভোটত পৰাজিত কৰিছিল। কিন্তু এইবাৰ মমতাই ৫৮৮৩২টা ভোটৰ ব্যৱধানত জয়ী হৈ অভিলেখ গঢ়ে। মমতা বেনাৰ্জীয়ে উপ-নিৰ্বাচনত মুঠ ৮৪,৭০৯টা ভোট লাভ কৰে, বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰাৱালে ২৬,৩২০টা ভোট লাভ কৰে। আনহাতে, চিপিআইএমৰ প্ৰাৰ্থী শ্ৰীজীব বিশ্বাসে লাভ কৰে ৪২০১টা ভোট।
উল্লেখ্য, বিধানসভা নিৰ্বাচনত বেনাৰ্জীয়ে নন্দীগ্ৰাম আসন হেৰুওৱাৰ পিছত শোভনদেব চট্টোপাধ্যায়ে ভৱানীপুৰ আসন খালী কৰি দিয়ে যাতে বেনাৰ্জীয়ে আসনখনৰ পৰা জয়ী হৈ বিধানসভালৈ উভতি আহিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।