• Home
  • »
  • News
  • »
  • nation
  • »
  • মধ্যপ্ৰদেশৰ বেতুলত ভয়ংকৰ পথ দুৰ্ঘটনা, বাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১১ জন লোক

মধ্যপ্ৰদেশৰ বেতুলত ভয়ংকৰ পথ দুৰ্ঘটনা, বাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১১ জন লোক

মধ্যপ্ৰদেশৰ বেতুলত ভয়ংকৰ পথ দুৰ্ঘটনা, বাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১১ জন লোক

মধ্যপ্ৰদেশৰ বেতুলত ভয়ংকৰ পথ দুৰ্ঘটনা, বাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১১ জন লোক

অনুমান কৰা হৈছে যে চাৰিচকীয়া বাহনখনত থকা অধিকাংশ যাত্ৰীৰ মৃত্যু হৈছে। কিন্তু বাছখনৰ কেৱল সন্মুখৰ অংশহে ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান বিতং তথ্যৰ বাবে অনুসন্ধান অব্যাহত আছে।

  • Share this:
আজি পুৱা মধ্যপ্ৰদেশৰ বেতুলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বেতুল জিলাৰ ঝল্লাৰ থানা এলেকাত সন্মুখত এখন বাছ আৰু এখন ব্যক্তিগত চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত ১১ জন লোকৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত আহত এজন যাত্ৰীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনা সম্পৰ্কে তথ্য দিছে বেতুলৰ আৰক্ষী অধীক্ষক ছিমলা প্ৰসাদে।

বাতৰি সংস্থা এ এন আইয়ে এই দুৰ্ঘটনাৰ এখন ছবি প্ৰকাশ কৰিছে, য’ত দেখা গৈছে যে বাছ আৰু ব্যক্তিগত চাৰিচকীয়া বাহনখনৰ মুখামুখি সংঘৰ্ষ হৈছিল আৰু চাৰিচকীয়া বাহনখন কেনেকৈ মহতিয়াই পেলাইছে। অনুমান কৰা হৈছে যে চাৰিচকীয়া বাহনখনত থকা অধিকাংশ যাত্ৰীৰ মৃত্যু হৈছে। কিন্তু বাছখনৰ কেৱল সন্মুখৰ অংশহে ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান বিতং তথ্যৰ বাবে অনুসন্ধান অব্যাহত আছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২১ অক্টোবৰৰ নিশা মধ্যপ্ৰদেশৰ ৰেৱাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। দীপাৱলীৰ মাত্ৰ দুদিন পূৰ্বে ৰেৱা জিলাৰ সোহাগী থানা এলেকাৰ অন্তৰ্গত সোহাগী পৰ্বতৰ সমীপত এখন বাছ আৰু ট্ৰাকৰ ভয়াৱহ সংঘৰ্ষত ১৫ জন লোকে প্ৰাণ হেৰুৱাইছিল। হায়দৰাবাদৰ পৰা উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌলৈ আহি থকা বাছখনত বহু শ্ৰমিক আছিল।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি