খ্ৰীষ্টমাছৰ শ্ৰেষ্ঠ উপহাৰ: আপোনাৰ ফিটনেছ সংগীৰ বাবে Honor Band 5

News18 Assam | News18-Assam
Updated:December 25, 2019, 5:03 PM IST
খ্ৰীষ্টমাছৰ শ্ৰেষ্ঠ উপহাৰ: আপোনাৰ ফিটনেছ সংগীৰ বাবে Honor Band 5
আপোনাৰ বাবে আমাৰ ওচৰত এটা মনোমোহা উপহাৰ আছে- The Honor Band 5!

আপোনাৰ বাবে আমাৰ ওচৰত এটা মনোমোহা উপহাৰ আছে- The Honor Band 5!

  • Share this:
আলি-পদূলি ৰঙেৰে ভৰি পৰিছে। ঘৰবিলাক নানাৰঙী লাইটেৰে উজলি উঠিছে, ধুনীয়াকৈ ৰঙা আৰু সেউজীয়া ৰঙৰ সামগ্ৰীৰে ঘৰ-দুৱাৰ সজাই তোলা হৈছে। খ্ৰীষ্টমাছ উপলক্ষে কৰা আয়োজনবিলাকত সকলোৱে প্ৰাণ খুলি অংশগ্ৰহণ কৰিছে। এই ছুটীৰ দিনকেইটাই আটাইৰে জীৱনলৈ আনন্দৰ জোৱাৰ লৈ আহিছে। খ্ৰীষ্টমাছ উপলক্ষে আমিও আপোনাৰ দৰেই আনন্দিত- আমিও হৈছোঁ সাজু। আমি আপোনাৰ পৰিয়াল আৰু প্ৰিয় বন্ধুবৰ্গৰ বাবে লৈ আনিছোঁ অতি চিত্তাকৰ্ষক উপহাৰ!

আপোনাৰ প্ৰিয়জনৰ মাজত এনে কোনো ব্যক্তি আছে নেকি, যি নিয়মিত জিমলৈ যায়, প্ৰটিন বা সিজোৱা কণী খায়, এথলেটিক পোছাক পৰিধান কৰি ভাল পায়? হয়, আপুনি সঠিক স্থানলৈকে আহিছে। এইটো পঢ়াৰ অৰ্থ হৈছে আপুনি আপোনাৰ ফিটনেছ প্ৰিয় ব্যক্তিজনৰ বাবে এটি মন পচন্দৰ বৰদিনৰ উপহাৰ বিচাৰি ফুৰিছে! আচলতে কি জানে, আপোনাৰ বাবে আমাৰ ওচৰত এটা মনোমোহা উপহাৰ আছে- The Honor Band 5!

ই আপোনাৰ জিম ষ্টাইল বৰ্দ্ধন কৰে

কল্পনা কৰকচোন, আপোনাৰ প্ৰিয়বন্ধুৱে জিমত ব্যায়াম কৰি আছে, ৱেইট লিফ্ট কৰোঁতে তেওঁৰ পেশী আৰু আটিল শৰীৰ সুন্দৰকৈ ফুটি উঠিছে। এই দৃশ্যটো ইয়াতকৈও সুন্দৰ কেনেকৈ কৰিব পাৰি জানে নে? The Honor Band 5... এইটো দেখাত সাধাৰণ ফিটনেছ বেণ্ডৰ দৰে নহয়। 2.5D কাৰ্ভড গ্লাছৰ সৈতে 0.95” AMOLED পেনেল আৰু 120x240 পিক্সেল ৰিজলুশ্যনৰ সৈতে এই বেণ্ডডালে সঁচাকৈয়ে অন্য ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। ডিছপ্লেৰ ঠিক তলতেই এটা বুটাম আছে, যি তেওঁক হ’মপেজলৈ লৈ যাব। এইয়া সঁচাকৈয়েই এক ষ্টাইলিছ বেণ্ড যিটো এগৰাকী ফিটনেছ অনুৰাগীয়ে নিজৰ শৰীৰত পিন্ধি প্ৰদৰ্শন কৰিবলৈ ভাল পাব। তেওঁৰ পচন্দৰ ওপৰত ভিত্তি কৰি আপুনি মেটেওৰিট ব্লেক, ক’ৰেল পিংক আউৰ মিডনাইট নেভী ৰঙৰ পৰা বেণ্ডডাল বাছনি কৰিব পাৰিব। পূৰ্বৰ বেণ্ডবিলাকৰ তুলনাত Honor Band 5-ৰ ডিছপ্লে অধিক উন্নত, যিটো কোঠালিৰ বাহিৰতো সহজতেই পঢ়িব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

আজি আপোনাৰ ফিটনেছ মুড কেনে?
আপোনাৰ প্ৰিয়বন্ধুৱে এই কথা জানিব পাৰি খুবেই সুখী হ’ব যে এই বেণ্ডডালে দহটা ভিন্ন ধৰণৰ ফিটনেছ ম’ড ট্ৰেক কৰিব পাৰে। আউটড’ৰ ৰাণিঙৰ পৰা আৰম্ভ কৰি ইনড’ৰ ৰাণিং, আউটড’ৰ চাইক্লিং, ইনড’ৰ চাইক্লিং, ফ্ৰী ট্ৰেইনিঙকে ধৰি ছুইমিং পুল, ইনড’ৰ ৱাকিং, ইলিপ্টিকেল মেছিন আৰু ৰ’য়িং মেছিনলৈকে এই ফিটনেছ বেণ্ডডালে তেওঁ বিচৰা অনুসৰি চেহেৰা সলনি কৰি পেলাব পাৰে। এই বেণ্ডডালে ছুইমিং স্পীড, দূৰত্ব, কেল’ৰি ৰেকৰ্ড আৰু SWOLF স্ক’ৰ হিচাপ কৰিব পাৰে আৰু সাঁতোৰৰ ষ্ট্ৰ’ক যেনে ফ্ৰীষ্টাইল, বাটাৰফ্লাই, ব্ৰেষ্টষ্ট্ৰ’ক আৰু বেকষ্ট্ৰ’ক আদিকো চিনাক্ত কৰিব পাৰে। চিন্তাৰ কোনো কাৰণ নাই, কাৰণ এই বেণ্ডডাল 50 মিটাৰ গভীৰলৈকে জল প্ৰতিৰোধী। তাৰোপৰি আন বেণ্ডসমূহত এপ-ৰ সহায়ত ছেটিং সলনি কৰিবলগা হোৱাৰ পৰিবৰ্তে এই বেণ্ডডালত আপোনাৰ প্ৰিয়বন্ধুৱে পোনপটীয়াকৈ ছেটিং সলনি কৰিব পাৰিব।

একেবাৰে সঠিক ট্ৰেকিং

যদি আপোনাৰ প্ৰিয়বন্ধুৱে নিজৰ হাৰ্টৰেট, উশাহ-নিশাহ ট্ৰেক কৰিব খোজে বা নিজৰ টোপনি মণিটৰ কৰিব বিচাৰে, তেন্তে তেওঁ জানি ভাল পাব যে Honor Band 5-ত ব্যৱহাৰ কৰা হয় Huawei-ৰ ‘TrueSleep2.0’ প্ৰযুক্তি। ই 200 টা কাষ্টম নিদ্ৰাৰ প্ৰকাৰৰ পৰামৰ্শ দিয়াৰ লগতে ছবিধ নিদ্ৰাৰ আঁসোৱাহৰ বিষয়েও অৱগত কৰিব পাৰে। আপুনি মন কৰিব যে Mi Band 4 ইয়াৰ তুলনাত হৈছে এক প্ৰাথমিক পৰ্যায়ৰ বেণ্ড আৰু গড় হিচাপ হে কৰিব পাৰে। লগতে Mi Band 4-ৰ তুলনাত Honor Band 5-ৰ হাৰ্ট ৰেট মণিটৰিং হৈছে ৰিয়েল-টাইম। লগতে মন কৰিব যে Honor Band 5-ৰ ষ্টেপ কাউন্ট Mi Band 4-ৰ তুলনাত অধিক নিঁখুত।

আপোনাৰ উশাহ-নিশাহত ভুল হৈছে নেকি?
Honor Band 5-ৰ SpO2 মণিটৰটোৱে ৰক্ত ধমনীত অক্সিজেনৰ পৰিমাণ ট্ৰেক কৰিব পাৰে। গতিকে আপোনাৰ প্ৰিয়বন্ধুৱে যদি চাব খোজে, ব্যায়াম নাইবা উচ্চ স্থান ভ্ৰমণ কৰোঁতে তেওঁৰ শৰীৰটোৱে কেনেদৰে কাম কৰিছে, তেন্তে এই ফীছাৰটোৱে নিশ্চিতভাৱে সহায় কৰিব। এই ৰেঞ্জত উপলব্ধ অন্য কোনো বেণ্ডতেই এই ফীছাৰটো পোৱা নাযায়।

প্ৰথমে এখন ছেলফি লওক
Honor Band 5-ৰ এক আকৰ্ষণীয় কথা হৈছে যে ই ৰিম’ট কেমেৰা ফাংছনো সমৰ্থন কৰে। যেতিয়া আপোনাৰ প্ৰিয়বন্ধুৰ স্মাৰ্টফোনটোৰ ব্লু-টুথৰ সৈতে Honor Band 5 সংযুক্ত কৰা হ’ব, ই স্বয়ংক্ৰিয়ভাৱে ৰিম’ট কন্ট্ৰল ইন্টাৰফেচত প্ৰৱেশ কৰিব।

এই বন্ধুত্ব হ’ব দীৰ্ঘস্থায়ী
বেটেৰী-লাইফৰ ফালৰ পৰা চাবলৈ গ’লে এই বেণ্ডডাল এঘন্টা চাৰ্জ কৰিলেই 2 সপ্তাহলৈকে চলি থাকিব পাৰে। কাৰণ ইয়াক শক্তি যোগান ধৰে এটি 110mAh বেটেৰীয়ে। আপোনাৰ প্ৰিয়বন্ধুৱে কেতিয়াও বেটেৰী-লাইফ বেয়া বুলি অভিযোগ কৰিবলগীয়া নহ’ব।

আপুনি চাগে এতিয়ালৈ Honor Band 5 ক্ৰয় কৰিবৰ বাবে অৰ্ডাৰ দিলেই, নহয় জানো? বিশ্বাস কৰক, আপোনাৰ প্ৰিয় ফিটনেছ অনুৰাগী বন্ধুৱে এই উপহাৰ লাভ কৰি অতিশয় আনন্দিত হ’ব। ই বৰদিনৰ আনন্দ দুগুণ কৰ তুলিব। আপোনাৰ প্ৰিয় বন্ধুৱে ছুপাৰ ষ্টাইলিছ Honor Band 5 ব্যৱহাৰ কৰি খুবেই সুখী হ’ব।

এতিয়া আপুনি Honor Band 5 Amazon আৰু Flipkart-তো ক্ৰয় কৰিব পাৰিব!
আৰু চাওক
পৰৱৰ্তী বাতৰি