মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ফেচবুক পোষ্টৰ উচতনিক লৈ জ্বলিল বেংগালুৰু! কমেও ৩জনৰ আৰক্ষীৰ গুলীত মৃত্যু, ধাৰা ১৪৪জাৰি

ফেচবুক পোষ্টৰ উচতনিক লৈ জ্বলিল বেংগালুৰু! কমেও ৩জনৰ আৰক্ষীৰ গুলীত মৃত্যু, ধাৰা ১৪৪জাৰি

News18 Assam | News18-Assam
Updated:August 12, 2020, 3:37 PM IST
ফেচবুক পোষ্টৰ উচতনিক লৈ জ্বলিল বেংগালুৰু! কমেও ৩জনৰ আৰক্ষীৰ গুলীত মৃত্যু, ধাৰা ১৪৪জাৰি
বেংগালুৰুত অশান্তিৰ দাবানল বিয়পি পৰিছে। এচিপি সহ প্ৰায় ৬০জন পুলিচকৰ্মী আহত হৈছে। বিক্ষোভকাৰীয়ে বিভিন্ন ঠাইত অগ্নিসংযোগ কৰি ভয়ংকৰ ধ্বংসলীলা চলাইছে। 

বেংগালুৰুত অশান্তিৰ দাবানল বিয়পি পৰিছে। এচিপি সহ প্ৰায় ৬০জন পুলিচকৰ্মী আহত হৈছে। বিক্ষোভকাৰীয়ে বিভিন্ন ঠাইত অগ্নিসংযোগ কৰি ভয়ংকৰ ধ্বংসলীলা চলাইছে। 

  • Share this:
এটা ফেচবুক পোষ্ট আৰু এই পোষ্টটোক কেন্দ্ৰ কৰি ৰণক্ষেত্ৰ হৈ পৰিছে বেংগালুৰু। কংগ্ৰেছ বিধায়ক অখণ্ড শ্ৰীনিবাস মূৰ্তিৰ ভতিজাই ফেচবুকত হজৰত মহম্মদক লৈ কুৰুচিপূৰ্ণ মন্তব্য কৰাৰ অভিযোগ কৰি প্ৰতিবাদত সৰৱ হ’ল ক্ষুব্ধ লোক। লগে লগে আৰম্ভ হ’ল সমগ্ৰ বেংগালুৰুত তাণ্ডৱ। প্ৰতিবাদকাৰী বিভিন্ন ঠাইৰ পৰা সমবেত হৈ ধ্বংসলীলা চলাবলৈ আৰম্ভ কৰে। কেজি হাল্লি তথা ডিজি হাল্লি থানাত মঙলবাৰে নিশা আক্ৰমণ চলোৱাৰ ফলত এচিপি পদবীৰ এজন আৰক্ষী বিষয়া সহ ৬০জন আৰক্ষী আহত হয়।

বেংগালুৰুৰ কাভাল বাইচান্দ্ৰা এলেকাত কংগ্ৰেছ নেতা শ্ৰীনিৱাস মূৰ্তিৰ ঘৰৰ সন্মুখত ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰে। শিলাবৰ্ষণো কৰা হয়। পাৰ্কিঙত ৰৈ থকা গাড়ীত অগ্নিসংযোগ কৰে উত্তেজিত জনতাই।



এদল উন্মত্ত জনতাই কে জি হাল্লি থানাৰ সন্মুখতো প্ৰতিবাদ কৰি আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়। অভিযোগ মতে, আৰক্ষীয়ে এই ঘটনাৰ গোচৰ ল’ব নিবিচৰাৰ অভিযোগ। আনহাতে তেওঁ এই ফেচবুক পোষ্ট কৰা নাই বুলি মন্তব্য নেতাৰ ভতিজাৰ। তেওঁৰ মতে, ফেচবুক একাউণ্ট হেক হৈছে আৰু কোনোবাই এই কুৰুচিপূৰ্ণ তথা উচতনিমূলক পোষ্ট কৰাৰ অভিযোগ। পৰৱৰ্তী সময়ত সেই পোষ্ট ডিলিট কৰা হয়।




ইতিমধ্যে হিংসাত্মক কাৰ্যত লিপ্ত ১১০জনক গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰিছে জয়েণ্ট কমিচনাৰ (ক্ৰাইম) সন্দীপ পেটেলে। পৰিস্থিতি ক্ষান্ত কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত কমেও ৩জন লোকৰ মৃত্যু হৈছে। ইফালে কংগ্ৰেছ বিধায়কজনৰ ভতিজাকো গ্ৰেপ্তাৰ কৰা হৈছে।
First published: August 12, 2020, 3:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি