PUBG খেলিব নিদিয়া বাবেই পুত্ৰই টুকুৰা টুকুৰকৈ কাটি হত্যা কৰিলে পিতৃক

পৰিয়ালৰ আন সদস্যসকলক কোঠাত আবদ্ধ কৰি ৰঘুবীৰে সংঘটিত কৰে এই জঘন্য হত্যাকাণ্ড।

News18-Assam
Updated:September 10, 2019, 12:04 PM IST
PUBG খেলিব নিদিয়া বাবেই পুত্ৰই টুকুৰা টুকুৰকৈ কাটি হত্যা কৰিলে পিতৃক
পৰিয়ালৰ আন সদস্যসকলক কোঠাত আবদ্ধ কৰি ৰঘুবীৰে সংঘটিত কৰে এই জঘন্য হত্যাকাণ্ড।
News18-Assam
Updated: September 10, 2019, 12:04 PM IST
PUBGৰ বাবেই আকৌ সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। PUBG খেলাত বাধা দিয়াৰ বাবেই ২৫ বছৰীয়া পুত্ৰই ডিঙি কাটি হত্যা কৰিলে পিতৃক। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বেলাগৱী জিলাত।

জানিব পৰা মতে, PUBG খেলাৰ বাবে ৰঘুবীৰ কুম্ভাৰ নামৰ যুৱকজনৰ কাজিয়া হৈছিল পিতৃৰ শংকৰপ্পা কুম্ভাৰৰ সৈতে। পিতৃ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। দেওবাৰে পিতা–পুত্ৰৰ কাজিয়াই চূড়ান্ত ৰূপ লয় আৰু ৰঘুবীৰে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পিতৃক। পাষণ্ড পুত্ৰই টুকুৰা টুকুৰ কৰি কাটি নৃশংসভাৱে হত্যা কৰে পিতৃক।

আৰক্ষীয়ে জনোৱা অনুসৰি, PUBG খেলাৰ বাবেই পিতৃয়ে কাঢ়ি নিছিল ৰঘুবীৰৰ ম’বাইল ফোনটো। তাকে লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল পিতা–পুত্ৰৰ। খঙত অগ্নিশৰ্মা হৈ ৰঘুবীৰে চোকা অস্ত্ৰৰে কাটি হত্যা কৰে পিতৃক। পৰিয়ালৰ আন সদস্যসকলক কোঠাত আবদ্ধ কৰি ৰঘুবীৰে সংঘটিত কৰে এই জঘন্য হত্যাকাণ্ড। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী ৰঘুবীৰক।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি