• Home
  • »
  • News
  • »
  • nation
  • »
  • কলেজত ইংৰাজী পঢ়াইছিল, এতিয়া চলাই অটো! ৭৪ বছৰীয়া এইলোকজন এতিয়া ইণ্টাৰনেটত চৰ্চিত...

কলেজত ইংৰাজী পঢ়াইছিল, এতিয়া চলাই অটো! ৭৪ বছৰীয়া এইলোকজন এতিয়া ইণ্টাৰনেটত চৰ্চিত...

নিকিতাই পিছত ছচিয়েল মিডিয়াত লোকজনৰ সৈতে হোৱা কথা বাৰ্তাৰ সবিশেষ লিখিছে।

নিকিতাই পিছত ছচিয়েল মিডিয়াত লোকজনৰ সৈতে হোৱা কথা বাৰ্তাৰ সবিশেষ লিখিছে।

নিকিতাই পিছত ছচিয়েল মিডিয়াত লোকজনৰ সৈতে হোৱা কথা বাৰ্তাৰ সবিশেষ লিখিছে।

  • Share this:
যেতিয়া বেংগালুৰুৰ নিকিতা আয়াৰ নামৰ যুৱতীগৰাকীয়ে অটোৰিক্সা চালকজনে সাৱলীল ভাবে ইংৰাজীত কথা কোৱা দেখিছিল, প্ৰথম অৱস্থাত আচৰিত হৈ পৰিছিল।

অফিচ পোৱাৰ পিছত বিশেষ কাৰণত অটো চালকজনক সম্পূৰ্ণ ভাড়া দিব পৰা নাছিল নিকিতাই। তেতিয়া নিকিতাক ৭৪ বছৰীয়া অটোচালকজনে কৈছিল যে- "Please come in Maa'm, you can pay what you want."- অটো চালকজনৰ মুখত এই কথা শুনি আচৰিত হৈ পৰে নিকিতা।

পিছত যুৱতীগৰাকীয়ে লোকজনক সুধিছিল যে, ইংৰাজী ভাষাত তেওঁৰ ইমান দখল কেনেকৈ? ইয়াৰ পিছৰ "৪৫ মিনিট আছিল এক ৰোমাঞ্চকৰ!" যেতিয়া ৭৪ বছৰীয়া অটো চালকজনে নিজৰ জীৱনৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল।

নিকিতাই পিছত ছচিয়েল মিডিয়াত লোকজনৰ সৈতে হোৱা কথা বাৰ্তাৰ সবিশেষ লিখিছে।

নিকিতাই এটাই প্ৰশ্ন সুধিছিল লোকজনক যে, তেওঁৰ নাম কি? তেতিয়া তেওঁ কৈছিল যে, তেওঁৰ নাম শ্ৰী পাটাবী ৰমন। এটা সময়ত চাকৰি বিচাৰি মুম্বাইলৈ গুচি গৈছিল। আৰু মুম্বাইৰ Powai collegeত যোগদান কৰে। কলেজখনৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে প্ৰায় ২০ বছৰ সেৱা আগবঢ়োৱাৰ পিছত অৱসৰ গ্ৰহণ কৰে।

ৰমনে এই সন্দৰ্ভত কৈছিল যে, "শিক্ষকসকলে ভাল দৰমহা পোৱা নাছিল। এখন ব্যক্তিখণ্ডৰ শিক্ষানুষ্ঠানত আপুনি সৰ্বাধিক ১০-১৫ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। আৰু যিহেতু প্ৰাইভেট, গতিকে অৱসৰৰ পিছত নাই পেন্সন। গতিকে ৰিক্সা এখন চলাই মই দিনে কমেও ৭০০-১৫০০ টকা পাও। যি মোৰ আৰু মোৰ পৰিয়ালৰ বাবে যথেষ্ট।
Published by:Himangshu Bhuyan
First published: