ফেলুদা আৰু নাই! প্ৰখ্যাত অভিনেতা সৌমিত্ৰ চেতাৰ্জীৰ দেহাৱসানত শোকস্তব্ধ দেশৰ অনুৰাগী

চিনেমা অত্যন্ত ভাল পাইছিল তেওঁ। এখনৰ পিছত আন এখন ছুপাৰহিট ছবি উপহাৰ দিছিল দৰ্শকক। ইয়াৰ প্ৰমাণ ‘বেলাশেষে’, ‘ময়ূৰাক্ষী’, ‘বসু পৰিবাৰ’, ‘সাঁঝবাতি’ আদি ছবি।
চিনেমা অত্যন্ত ভাল পাইছিল তেওঁ। এখনৰ পিছত আন এখন ছুপাৰহিট ছবি উপহাৰ দিছিল দৰ্শকক। ইয়াৰ প্ৰমাণ ‘বেলাশেষে’, ‘ময়ূৰাক্ষী’, ‘বসু পৰিবাৰ’, ‘সাঁঝবাতি’ আদি ছবি।
- News18 Assam
- Last Updated: November 15, 2020, 1:58 PM IST
১৯৩৫ চনৰ ১৯ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল সৌমিত্ৰ চেতাৰ্জীয়ে। চেতাৰ্জীৰ পৰিয়ালৰ পূৰ্বৰ ঘৰ আছিল বৰ্তমানৰ বাংলাদেশৰ কয়াগ্ৰামত। সৌমিত্ৰ চেতাৰ্জীৰ ককাকৰ সময়ৰে পৰা চেতাৰ্জী পৰিয়ালৰ সদস্যসকলে নদিয়া জিলাৰ কৃষ্ণনগৰত থাকিবলৈ আৰম্ভ কৰে। পিতৃৰ বদলিৰ বাবে পঞ্চম শ্ৰেণীৰ পিছত হাওৰালৈ গুচি আহে সৌমিত্ৰ চেতাৰ্জী। তাতেই স্কুলত পঢ়া–শুনা কৰে। তাৰ পিছত কলকাতাৰ চিটী কলেজত বাংলাত অধ্যয়ন কৰে।
প্ৰথমৰে পৰা কবিতা, আবৃত্তি, সাহিত্য, বাওঁ ৰাজনীতিৰ প্ৰতি আগ্ৰহী আছিল চেতাৰ্জী। সেয়ে সৌমিত্ৰ চেতাৰ্জী যে কেৱল চিনেমাৰ পৰ্দাৰে অভিনেতা আছিল সেয়া নহয়, সংস্কৃতিৰ নানা দিশত নিজকে প্ৰতিষ্ঠা কৰিছিল।
১৯৫৯ চনত সৌমিত্ৰ চেতাৰ্জীয়ে প্ৰথম সত্যজিৎ ৰায়ৰ পৰিচালিত ‘অপুৰ সংসাৰ’ ছবিত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মৃণাল সেন, তপন সিংহ, অজয় কৰৰ দৰে পৰিচালকৰ সৈতে কাম কৰিছিল। চিনেমাৰ উপৰি বহু নাটক, যাত্ৰী, টিভি ধাৰাবাহিকত অভিনয় কৰিছিল তেওঁ।
এক সাক্ষাৎকাৰত সৌমিত্ৰই কৈছিল, অপুৰ সংসাৰ ছবিত প্ৰথমবাৰ সৌমিত্ৰক ল’ব বিচৰা নাছিল সত্যজিৎ ৰায়ে। পিছত অৱশ্যে সৌমিত্ৰকেই আটাইতকৈ পছন্দ কৰিছিল।
সত্যজিতৰ ফেলুদা চৰিত্ৰটো যেন তেওঁক লৈয়েই লিখিছিল। সত্যজিতে অঁকা ফেলুদাৰ ইলাষ্ট্ৰেচনো যেন অবিকল সৌমিত্ৰৰ দৰেই। সেয়ে বাঙালীয়ে সৌমিত্ৰৰ বাদে ফেলুদা হিচাপে আন কাকো মানি ল’ব নোৱাৰে।
সৌমিত্ৰ চেতাৰ্জীৰ মৃত্যু বাংলা ছবি জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ভাৰতীয় চিনেমা জগতৰ এক অধ্যায়ৰ সামৰণি।