‘আমাদেৰ বাঙালীস্তান! উত্তৰ–পূৱসহ দেশৰ বঙালী অধ্যুষিত এলেকাকলৈ গঠন কৰিম বাঙালীস্তান’ কোনে দিলে এই হুংকাৰ

News18-Assam
Updated:November 23, 2019, 5:28 PM IST
‘আমাদেৰ বাঙালীস্তান! উত্তৰ–পূৱসহ দেশৰ বঙালী অধ্যুষিত এলেকাকলৈ গঠন কৰিম বাঙালীস্তান’ কোনে দিলে এই হুংকাৰ
NRC চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ১৯ লাখ হিন্দু-মুছলমান বঙালীৰ নাম পুনৰ অন্তৰ্ভূক্ত কৰাৰ দাবী ‘আমৰা বাঙালী’ সংগঠনটোৰ। লগতে দাবী কৰিলে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ পদত্যাগ।

NRC চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ১৯ লাখ হিন্দু-মুছলমান বঙালীৰ নাম পুনৰ অন্তৰ্ভূক্ত কৰাৰ দাবী ‘আমৰা বাঙালী’ সংগঠনটোৰ। লগতে দাবী কৰিলে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ পদত্যাগ।

  • Share this:
এফালে অসম তথা উত্তৰ–পূৰ্বাঞ্চলত CAB ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চলিছে। আনফালে বেংগলী সংগঠনে দিছে সমগ্ৰ দেশৰ বাঙালী অধ্যুষিত অঞ্চলক লগত লৈ বাঙালীস্তান গঠনৰ হুংকৰা।

উত্তৰ পূর্বাঞ্চলসহ দেশৰ বঙালী অধ্যুষিত এলেকাকলৈ গঠন কৰিব ‘বাঙালীস্তান” । এই সিদ্ধান্ত “আমৰা বাঙালী” নামৰ সংগঠনটোৰ। শনিবাৰে কলকাতাৰ কেন্দ্রস্থল ধর্মতলাৰ ৰাণী ৰাচমণি পথত আয়োজিত এক সমাবেশত এই কথা ঘোষণা কৰে সংগঠনটোৱে।উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ প্রতিনিধি উপস্থিত থকা এই সমাবেশত বঙালীসকলক শোষণ-বঞ্চনাৰ পৰা মুক্ত কৰিবলৈ অচিৰেই “বাঙালি ৰেজিমেণ্ট “ নামৰ এটা বাহিনীও গঠন কৰা হ’ব বুলি সদৰি কৰে নেতৃবৃন্দই । মুলতে অসমীয়া জাতীয় দলিল স্বৰূপ NRCৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ আয়োজন কৰা শনিবাৰৰ এই সমাবেশৰ অন্যতম সিদ্ধান্ত সমূহৰ ভিতৰত আছে –
১. NRC চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ১৯ লাখ হিন্দু-মুছলমান বঙালীৰ নাম পুনৰ অন্তৰ্ভূক্ত কৰা।

২. অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ পদত্যাগ ।

জনৈক প্রভাত খাঁয়ে সভাপতিত্ব কৰা এইখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল শংকৰ গঙ্গোপাধ্যায় । আনহাতে, সমাবেশত উপস্থিত থকা উত্তৰ -পূবৰ প্রতিনিধি সকল হৈছে ক্রমে, নজৰুল ইছলাম (গোৱালপাৰা, অসম ), জয়নুল ইছলাম (মণিপুৰ), সাধন পুৰকায়স্থ (অসম ), হৰিগোপাল দেবনাথ (ত্রিপুৰা), মহম্মদ আহম্মদ আলী আৰু কবি বিপ্লব মল্লিক (মণিপুৰ ) ।

অসম নিউজ 24/7 নামৰ পৰ্টেলৰ বাতৰিত প্ৰকাশ পাইছে এই তথ্য।
আৰু চাওক পৰৱৰ্তী বাতৰি