• Home
  • »
  • News
  • »
  • nation
  • »
  • Explained : Covid মহামাৰীয়ে জুৰুলা কৰা পৰিয়ালক সকাহ কেন্দ্ৰৰ ! EPFO আঁচনিৰ অধীনত লাভ কৰিব এইসমূহ সুবিধা ...

Explained : Covid মহামাৰীয়ে জুৰুলা কৰা পৰিয়ালক সকাহ কেন্দ্ৰৰ ! EPFO আঁচনিৰ অধীনত লাভ কৰিব এইসমূহ সুবিধা ...

অতিমাৰী কোভিড১৯ৰ মাজতে কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন (EPFO)ৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

অতিমাৰী কোভিড১৯ৰ মাজতে কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন (EPFO)ৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

অতিমাৰী কোভিড১৯ৰ মাজতে কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন (EPFO)ৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

  • Share this:
কোভিড ১৯ মহামাৰীৰ মাজতে কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন (EPFO)ৰ অধীনত কেইবাটাও পৰিৱৰ্তন ঘোষণা কৰিছে । এই লাভালাভবোৰৰ ভিতৰত আছে কোভিড১৯ৰ ফলত মৃত্যু হোৱা ৰাজ্যিক বীমা নিগম (ESIC)ত বীমাকৃত কৰ্মচাৰীৰ আত্মীয়ৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰা । লগতে কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) অধীনত পঞ্জীভুক্ত সদস্যসকলৰ বাবে কৰ্মচাৰী জমা-সংযোজিত বীমা (EDLI) আঁচনিৰ অধীনত বীমা লাভালাভৰ সম্প্ৰসাৰণ কৰা ।

বজাৰ বিশেষজ্ঞসকলৰ মতে, চৰকাৰৰ এই পদক্ষেপবোৰে গ্ৰাহক আৰু তেওঁলোকৰ পৰিয়ালক বিশেষভাৱে প্ৰয়োজনীয় সকাহ প্ৰদান কৰিব আৰু তেওঁলোকক আৰ্থিক দুৰ্দশাৰ পৰাও কিছু সকাহ দিব ।

বিতংভাৱে জানি লওক চৰকাৰৰ এই পৰিৱৰ্তনবোৰৰ বিষয়ে -

জমা সংযোজিত বীমা (EDLI)ৰ লাভালাভ ৭ লাখ টকালৈ বৃদ্ধি -

EPFOয়ে কৰ্মচাৰীৰ জমা সংযোজিত বীমা (EDLI) আঁচনিৰ অধীনত সৰ্বাধিক নিশ্চিত লাভালাভ ৭ লাখ টকালৈ বৃদ্ধি কৰিছে। এই আঁচনিখন হৈছে EPF আঁচনিৰ সকলো গ্ৰাহকক প্ৰদান কৰা এক বাধ্যতামূলক বীমা আৱৰণ ।

EDLIৰ অধীনত, চাকৰিৰ সময়ছোৱাত বীমাকৃত ব্যক্তিৰ মৃত্যুৰ ক্ষেত্ৰত পঞ্জীভুক্ত তেওঁৰ অত্মীয়ই এক মুঠ ধন লাভ কৰে। অৱশ্যে দাবীৰ পৰিমাণ মৃতকৰ নিযুক্তিৰ অন্তিম ১২ মাহত লোৱা দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে (এতিয়া এয়া সৰ্বাধিক ৭ লাখ টকা সাপেক্ষে হ'ব)।

ইপিনে ন্যুনতম মৃত্যু আৱৰণ ২০২০ৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা পূৰ্বৱৰ্তী ভাৱে ২.৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

শাৰ্দুল অমৰচান্দ মংগলদাস এণ্ড কোম্পানীৰ অংশীদাৰ পূজা ৰামচন্দানিৰ মতে, এয়া এক লাভজনক পৰিৱৰ্তন । ই কেৱল লাভালাভৰ পৰিমাণ বৃদ্ধিৰ বাবেই নহয়, নিযুক্তিৰ পৰিৱৰ্তন নিৰ্বিশেষে ইয়াক লাভ কৰিব পাৰি । যাৰ ফলত ইয়ে মৃত সদস্যজনৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়াব।

নিৰন্তৰ ১২ মাহৰ বাবে সদস্য হৈ থকা কৰ্মচাৰীৰ যোগ্য পৰিয়ালৰ সদস্যসকলক ২.৫ লাখ টকাৰ ন্যুনতম লাভালাভৰ নিশ্চয়তা -

মৃত্যুৰ পূৰ্বে এক বা একাধিক প্ৰতিষ্ঠানত নিৰন্তৰ ১২ মাহৰ বাবে সদস্য হৈ থকা মৃত কৰ্মচাৰীৰ যোগ্য পৰিয়ালৰ সদস্যসকলক ২.৫ লাখ টকাৰ নিম্নতম নিশ্চয়তা লাভালাভ প্ৰদান কৰা হ'ব।

কোভিড১৯ৰ বাবে আগতীয়া ধনৰ উপলব্ধতা -

দেশত কোৰোণা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি EPFOয়ে ইয়াৰ পাঁচ কোটিৰো অধিক গ্ৰাহকক দ্বিতীয়াৰৰ বাবে কোভিড১৯ৰ PFৰ ধন উলিওৱাৰ চৰ্তত ৰেহাই দিছে । এই ব্যৱস্থাৰ অধীনত, পি এফ সদস্যই নিজৰ পি এফৰ ৭৫ শতাংশ বা তিনি মাহৰ মূল দৰমহা আৰু ডি এ ভাত্তা উলিয়াব পাৰে। কোভিড প্ৰথম ঢৌৰ সময়ত ধন উলিওৱা ব্যৱস্থাৰ দৰে দ্বিতীয় ঢৌৰ বাবেও এয়া একেই প্ৰক্ৰিয়া ।

বিগত বছৰৰ আৰম্ভণিতে, অৱসৰ পুঁজি সংস্থাটোৱে ইয়াৰ সদস্যসকলক মহামাৰীৰ ফলত হোৱা প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কোভিড১৯ ৰ বাবে অগ্ৰিম ধন উলিওৱা কাৰ্যত অনুমতি দিছিল।
Published by:Kokil Sarma
First published: