গাৰ্লছ হোষ্টেলত এগৰাকী কিশোৰীৰ সন্দেহজনক অৱস্থাত মৃতদেহ উদ্ধাৰ, আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ

বিহাৰৰ বেগুচৰাইত সংঘটিত হৈছে এক ঘটনা।

News18-Assam
Updated:October 2, 2019, 5:25 PM IST
গাৰ্লছ হোষ্টেলত এগৰাকী কিশোৰীৰ সন্দেহজনক অৱস্থাত মৃতদেহ উদ্ধাৰ, আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ
Source-Google
News18-Assam
Updated: October 2, 2019, 5:25 PM IST
এটা ছাত্ৰী নিৱাসত উদ্ধাৰ হৈছে এগৰাকী ১০ বছৰীয়া কিশোৰীৰ মৃতদেহ। সন্দেহজনক অৱস্থাত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিহাৰৰ বেগুচৰাইত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। ইতিমধ্যে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

এনে ধৰণৰ অবাঞ্ছিত ঘটনা সংঘটিত হোৱাৰ পিছতে ছাত্ৰী নিৱাসটোত এতিয়া আতংকই বিৰাজ কৰিছে। ইয়াৰ আগতেও এবাৰ এই ছাত্ৰী নিৱাসটোত ছাত্ৰীক শাৰীৰিক অত্যাচাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি