• Home
  • »
  • News
  • »
  • nation
  • »
  • শাহুৱেকৰ সৈতে কাজিয়াৰ পিছতে দুই কণমানিক লৈ পুখুৰীত জাঁপ দিলে বোৱাৰিয়েকে, মাক-জীয়েকৰ মৃ্ত্যু

শাহুৱেকৰ সৈতে কাজিয়াৰ পিছতে দুই কণমানিক লৈ পুখুৰীত জাঁপ দিলে বোৱাৰিয়েকে, মাক-জীয়েকৰ মৃ্ত্যু

শিহৰণকাৰী ঘটনাটোত ৰণধীৰ ৰামৰ পত্নী সবিতা কুমাৰী আৰু তেওঁৰ আঢ়ৈ বছৰীয়া কন্যা মুস্কানৰ মৃত্যু হয়।

শিহৰণকাৰী ঘটনাটোত ৰণধীৰ ৰামৰ পত্নী সবিতা কুমাৰী আৰু তেওঁৰ আঢ়ৈ বছৰীয়া কন্যা মুস্কানৰ মৃত্যু হয়।

শিহৰণকাৰী ঘটনাটোত ৰণধীৰ ৰামৰ পত্নী সবিতা কুমাৰী আৰু তেওঁৰ আঢ়ৈ বছৰীয়া কন্যা মুস্কানৰ মৃত্যু হয়।

  • Share this:
শাহুৱেকৰ সৈতে কাজিয়াৰ পৰিণতিতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এগৰাকী মাতৃয়ে। সোমবাৰে পুৱা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। শাহুৱেকৰ সৈতে কাজিয়া কৰাৰ পিছতে সবিতা কুমাৰী নামৰ মহিলাগৰাকীয়ে তেওঁৰ দুই সন্তানৰ সৈতে এটা পুখুৰীত জঁপিয়াই পৰে। মহিলাগৰাকী আৰু তেওঁৰ আঢ়ৈ বছৰীয়া জীয়েক পুখুৰীৰ পানীত ডুব গৈ মৃত্যুক  আঁকোৱালি লয়। কিন্তু দৈৱক্ৰমে ৰক্ষা পৰে মহিলাগৰাকীৰ ছয় বছৰীয়া পুত্ৰ। কণমানিটোৱে পানীত উপঙি থকা এডাল বাঁহত ধৰিয়েই কোনোমতে পুখুৰীৰ পৰা ওলাই আহিছিল।

এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে বিহাৰ (Bihar)ৰ বেগুচৰাই (Begusarai)ৰ পৰিহাৰা আৰক্ষী চকীৰ অন্তৰ্গত বহুৰা গাঁৱত। জানিব পৰা মতে, সবিতা কুমাৰী নামৰ মহিলাগৰাকীৰ শাহুৱেকৰ সৈতে কিবা এটা কথোপকথনক লৈ বিবাদ হৈছিল। যাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ দুই সন্তানৰ সৈতে ঘৰৰ পৰা ওলাই গাঁৱৰ এটা পুখুৰীত জঁপিয়াই দিছিল। মহিলাগৰাকীৰ ছয় বছৰীয়া পুত্ৰ আদিত্য পানীৰ পৰা ওলাই আহি চিঞৰিবলৈ ধৰিলে। কণমানিটোৰ চিঞৰ শুনি স্থানীয় লোকসকল লগে লগে পুখুৰীৰ পাৰত গোটা খায় আৰু  মহিলাগৰাকী আৰু জীয়েক মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰে।  কিন্তু তেতিয়ালৈকে দুয়োজনৰ মৃত্যু হৈছিল। মৃত মহিলাগৰাকীৰ স্বামী কলকাতাত শ্ৰমিক হিচাপে কাম কৰে।

পৰিহাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ প্ৰকাশ মাহাটোৱে কয় যে ঘটনাটোত ৰণধীৰ ৰামৰ পত্নী সবিতা কুমাৰী আৰু তেওঁৰ আঢ়ৈ বছৰীয়া কন্যা মুস্কানৰ মৃত্যু হয়। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published: