• Home
  • »
  • News
  • »
  • nation
  • »
  • পৰাজয়ৰ পিছত কানহায়া কুমাৰে টুইটাৰযোগে ক’লে এই কথা...

পৰাজয়ৰ পিছত কানহায়া কুমাৰে টুইটাৰযোগে ক’লে এই কথা...

কানহায়া কুমাৰে টুইটাৰযোগে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিলে

কানহায়া কুমাৰে টুইটাৰযোগে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিলে

কানহায়া কুমাৰে টুইটাৰযোগে দেশবাসীক অভিনন্দন জনালে। তেওঁ ক’লে যে বিশ্বৰ আটাইতকৈ বৃহৎ লোকতন্ত্ৰৰ জনাদেশত দেশবাসীক অভিনন্দন জনায়। নিৰ্বাচিত আটাইকেইগৰাকী সাংসদক শুভকামনা আৰু নিৰ্বাচনৰ সময়ত তেওঁক সমৰ্থন জনোৱা সকলোকে ধন্যবাদ জ্ঞাপন।

  • Share this:
    বিহাৰৰ হাইপ্ৰফাইল আসন বেগুচৰায়ৰ পৰা বিজেপি প্ৰাৰ্থী আৰু কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিংহৰ জয়লাভ। গিৰিৰাজ সিংহে CPIৰ কানহায়া কুমাৰক বৃহৎ ভোটত পৰাজয় কৰে। নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা কৰিছিল কানহায়া কুমাৰ আৰু তনবীৰ হসন কড়ীয়ে। গিৰিৰাজ সিংহই ৬৮,৭৫৭৭, কানহায়া কুমাৰে ২৬,৯৯৭৬ আৰু তনবীৰ হসনে ১৯,৬৮০০টা ভোট লাভ কৰিছে।

    নিৰ্বাচনত পৰাজয়ৰ পিছত CPIৰ প্ৰাৰ্থী কানহায়া কুমাৰে টুইটাৰযোগে দেশবাসীক অভিনন্দন জনালে। নিৰ্বাচিত আটাইকেইগৰাকী সাংসদক শুভকামনা আৰু নিৰ্বাচনৰ সময়ত তেওঁক সমৰ্থন জনোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাইজৰ বাবে এই উদ্যোমতা আৰু একাগ্ৰতা সদায় বজাই ৰাখিম।

     

    First published: