গৰুৰ মাংসৰ বিক্ৰী কমিছে বিদেশত, তথাপিও ‘গো–মাতা’ৰ দেশ ভাৰত সৰ্বাধিক গো–মাংস ৰপ্তানি কৰা দ্বিতীয়খন দেশ

News18 Assam | News18-Assam
Updated:December 30, 2019, 2:27 PM IST
গৰুৰ মাংসৰ বিক্ৰী কমিছে বিদেশত, তথাপিও ‘গো–মাতা’ৰ দেশ ভাৰত সৰ্বাধিক গো–মাংস ৰপ্তানি কৰা দ্বিতীয়খন দেশ
ফাইল ছবি

২০১৯চনত ভাৰতে ৰপ্তানি কৰা গো–মাংসৰ পৰিমাণ হৈছেগৈ ১.৬মিলিয়ন মেট্ৰিক টন।

  • Share this:
বিগত দুটা বছৰত বিশ্বৰ বিভিন্ন প্ৰান্তত যথেষ্ট হ্ৰাস পাইছে গো–মাংসৰ বিক্ৰী তাৰপিছতো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ গো–মাংস ৰপ্তানিকাৰী দেশ হৈছে ভাৰত। ২০১৭চনত ভাৰতে ১.৮মিলিয়ন মেট্ৰিক টন গো–মাংস ৰপ্তানি কৰিছিল। ইয়াৰ তুলনাত ২০১৯চনত সেই ৰপ্তানিৰ পৰিমাণ হৈছেগৈ ১.৬মিলিয়ন মেট্ৰিক টন। এই তালিকাৰ এক নম্বৰ স্থানত আছে ব্ৰাজিল। দেশখনে এইবছৰ ২.২মিলিয়ন মেট্ৰিক টন গো–মাংস ৰপ্তানি কৰিছে। ২০১৭চনতো ভাৰত বীফ ৰপ্তানিকাৰী দেশৰ তালিকাৰ দ্বিতীয় স্থানত আছিল।

২০১৭চনৰ পৰাই বীফ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰিছে ব্ৰাজিলে। গো–মাংস ৰপ্তানিত ভাৰতৰ পিছত স্থান আছে অষ্ট্ৰেলিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ, নিউজীলেণ্ড, কানাডা, উৰুগুৱে, পাৰাগুৱে. ইউৰোপীয়ান ইউনিয়ন, আৰ্জেন্টিনা আৰু মেক্সিকো। 

শেহতীয়াকৈ ভাৰতৰ পৰা গো–মাংস আমদানি কৰা বন্ধ কৰি দিছে চীন। তেওঁলোকৰ মতে গৰুৰ চালত এক বিশেষ ধৰণৰ ৰোগৰ কাৰণে ভাৰতীয় গো–মাংস তেওঁলোকে ল’ব নিবিচাৰে। ভাৰতত গৰুৰ আন উত্‍পাদিত সামগ্ৰীও তেওঁলোকে মানা কৰি দিছে । জাহাজ বা বিমানযোগে ভাৰতৰ পৰা গো–মাংস বা গৰুৰ আন প্ৰডাক্ট যদি কোনোবাই আনিছে সেইবোৰ ৰখাই দিছে চুবুৰীয়া ৰাষ্ট্ৰখনে। ইমানৰ পিছতো যদি কোনোবাই অবৈধভাৱে এনে সামগ্ৰী আনিছে তেনেহ’লে তেওঁলোকে কঠোৰ শাস্তি পোৱাৰ যোগ্য।

পশ্চিমীয়া দেশসমূহত বীফৰ যথেষ্ট চাহিদা থকাৰ কাৰণে ভাৰতে এই ব্যৱসায় কৰি প্ৰচুৰ বিদেশী মুদ্ৰা উপাৰ্জন কৰি আহিছিল। কিন্তু চাহিদা হ্ৰাস পোৱাৰ কাৰণে ভাৰতে এতিয়া ব্যৱসায়ৰ পৰিমাণ হ্ৰাস কৰিবলগীয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি