শ্বপিং মলৰ চেঞ্জিং ৰূমত কাপোৰ সলাওতে সাৱধান! এগৰাকী যুৱতীৰ সৈতে হ'ল এই কাণ্ড...

ফাইল ফটো
সাৱধান! চেঞ্জিং ৰূমত থাকে গোপন কেমেৰা!
- News18 Assam
- Last Updated: January 15, 2021, 2:19 PM IST
পিছে সুবিধাৰ কাৰণে সজা এই ৰূমটো কাৰোবাৰ কাৰণে ভয়ংকৰ হৈ উঠিব পাৰে। কোনোৱে হয়তো সপোনতো ভাবিব নোৱাৰে যে চেঞ্জিং ৰূমত গোপন কেমেৰা থাকিব পাৰে। বিশেষকৈ মহিলাৰ চেঞ্জিং ৰূমত এনে ঘৃণনীয় কাণ্ড কোনোবাই কৰাৰ দুঃসাহস কৰাৰ কথা চিন্তাই কৰিব নোৱাৰি। পিছে এনে এক কাণ্ডৰে বলি হ’ল ওড়িশাৰ এগৰাকী যুৱতী। ওড়িশাৰ কেওনঝৰেৰ ভি–মাৰ্ট শ্বপিং ম’লত এজন অসৎ কৰ্মচাৰীৰ কাণ্ডক লৈ এতিয়া তোলপাৰ। মহিলাৰ ট্ৰায়েল ৰূমত কেমেৰা লগাইছিল তেওঁ। দীঘলীয়া সময়ৰ পৰা এই কাণ্ড কৰা যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।
স্থানীয় সূত্রমতে, পৰিয়ালৰ সৈতে কাপোৰ ক্ৰয় কৰিবলৈ ম’ললৈ গৈছিল তৰুণী। কাপোৰ পচন্দ কৰি ট্ৰায়েল ৰূমত সোমায় তেওঁ। পোচাকৰ ট্ৰায়েলৰ মাজতে তেওঁ লক্ষ্য কৰে সমীপৰ ট্ৰায়েল ৰূমৰ পৰা তেওঁৰ ফালে ম’বাইল ফোন টোঁৱাই ৰাখিছে এজনে। তৎক্ষণাত এলার্ম বুটাম টিপে যুৱতীগৰাকীয়ে। তৰুণীৰ চিৎকাৰ শুনি সকলো কাষ চাপি আহে। ট্ৰায়েল ৰূমৰ কাষতে যুৱকজনক হাতে–লোটে ধৰা পেলায় সকলোৱে। আৰক্ষীক গতাই দিয়া হয় পৰৱৰ্তী সময়ত। সমগ্ৰ বিষয়টো তদন্ত কৰি আৰক্ষীয়ে এতিয়া জানিবলৈ চেষ্টা কৰিছে কিমান দিনৰ পৰা যুৱকজনে এই কাণ্ড কৰি আছিল!