গুৱাহাটীৰ পিটছৰ কাণ্ডক লৈ অপমানিত BCCI, ক্ষুব্ধ সৌৰভ গাংগুলীয়ে ল’লে এই ডাঙৰ পদক্ষেপ

News18 Assam | News18-Assam
Updated:January 7, 2020, 1:37 PM IST
গুৱাহাটীৰ পিটছৰ কাণ্ডক লৈ অপমানিত BCCI, ক্ষুব্ধ সৌৰভ গাংগুলীয়ে ল’লে এই ডাঙৰ পদক্ষেপ
দেওবাৰে ভাৰত–শ্ৰীলংকাৰ টি–২০মেটছ সিক্ত পিটছৰ কাৰণে বাতিল কৰিবলগীয়া হৈছিল। 

দেওবাৰে ভাৰত–শ্ৰীলংকাৰ টি–২০মেটছ সিক্ত পিটছৰ কাৰণে বাতিল কৰিবলগীয়া হৈছিল। 

  • Share this:
ভাৰত আৰু শ্ৰীলংকাৰ মাজত বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰথমখন টি–২০ মেটছ পিটছ তিতি থকাৰ কাৰণে বাতিল হৈছিল। বৰষুণ নহয় গুৱাহাটী ষ্টেডিয়ামত ফটা পিটছ কভাৰ ব্যৱহাৰ কৰাৰ ফলত তিতি গৈছিল। পানী পিটছত সোমাই যোৱাৰ ফলত পিটছৰ এটা অংশ শুকুৱা নাছিল আৰু ইস্ত্ৰী, হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ সকলো ব্যৱহাৰ কৰিও শুকুৱাব নোৱাৰাত খেল বাতিল কৰিবলগীয়া হৈছিল। ৰাষ্ট্ৰীয় মাধ্যমত ওলোৱা খবৰ মতে বিচিচিআই এই সমগ্ৰ ঘটনাক লৈ অত্যন্ত অপমানিত আৰু ক্ষুব্ধ। এই সমগ্ৰ ঘটনাৰ তদন্ত প্ৰতিবেদনৰ অপেক্ষা কৰা হৈছে। মিডিয়া সংস্থা IANSৰ সৈতে হোৱা সাক্ষাৎকাৰত BCCIৰ এজন শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে ব’ৰ্ডৰ চূড়ান্ত অসন্তুষ্টিৰ প্ৰসংগ। সৌৰভ গাংগুলীৰ নেতৃত্বত BCCI–এ ইতিমধ্যে চীফ কিউৰেটৰ আশিস ভৌমিকৰ এই সন্দৰ্ভত প্ৰতিবেদনৰ অপেক্ষা কৰিছে। হেয়াৰ ড্ৰায়াৰ আৰু ইস্ত্ৰী ব্যৱহাৰ কৰি বিতৰ্কত সোমাই পৰা গুৱাহাটীৰ খেলখনত পিট্চ ঢকা ক’ভাৰখন ফুটা আছিল বুলি ক্ষোভ প্ৰকাশ কৰিছে ক্ৰিকেটৰ সৈতে জড়িত শীৰ্ষ ব্যক্তিসকলে।

বিচিচিআইক লৈ ঠাট্টা–মস্কৰা

বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই এই সমগ্ৰ ঘটনাৰ কাৰণে বিচিচিআইৰ কিউৰেটৰ আৰু চিইঅ’ ৰাহুল জোহৰীক দায়ী গণ্য কৰিছে। তেওঁৰ মতে এই কথা আগতেই নিশ্চিত কৰিব লাগিছিল যে, ষ্টেডিয়ামত বুনিয়াদী প্ৰয়োজনীয়তাৰ সামগ্ৰীসমূহ মজুত আছে নে নাই। অৱশ্যে ডাঙৰ কথাটো হৈছে, গুৱাহাটীত পূৰ্বেই বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছিল কিন্তু ইয়াৰ পিছতো স্থানীয় আয়োজকে এইক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়াৰ আৰু উপযুক্ত আয়োজন কৰি নৰখাৰ অভিযোগ।

পৃথিৱীৰ আটাইতকৈ ধনী বৰ্ডে পতা খেলৰ দুৰ্দশা!

গুৱাহাটী টি–২০ৰ সময়ত পিটছৰ সিক্ততা আঁতৰাবলৈ কাপোৰত ব্যৱহাৰ কৰা ইস্ত্ৰী আৰু হেয়াৰ ড্ৰায়াৰৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত বিচিচিআই আৰু অসমত এচিএক খুব বেয়াকৈ ট্ৰ’ল কৰা হৈছিল। মানুহে প্ৰশ্ন কৰিছিল বিশ্বৰ আটাইতকৈ ধনী বৰ্ডৰ ওচৰত পিটছ ঢাকিবলৈ ভাল কভাৰতো নায়েই তিতা পিটছ শুকুৱাবলৈ উপযুক্ত যন্ত্ৰৰো অভাৱ। 

কেৱল অনুৰাগীয়ে নহয়, ক্ৰিকেটৰ বহুকেইজন দিগ্গজেও গুৱাহাটীৰ খেলখনৰ পুতৌজনক আয়োজনৰ সমালোচনা কৰিছে। ভিভিএছ লক্ষ্মণ, গৌতম গম্ভীৰে এয়া অনুৰাগীৰ সৈতে হোৱা অন্যায় বুলি আখ্যা দিছে। BCCIৰ শীৰ্ষ বিষয়াজনে এইক্ষেত্ৰত প্ৰকাশ কৰিছে যে সৌৰভ গাংগুলীৰ নেতৃত্বত নতুনকৈ দায়িত্ব লোৱা বিষয়াসকলে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় স্তৰত যাতে এনেধৰণৰ অপদস্থ হ’বলগা পৰিস্থিতি আকৌ নহয়, এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি