BasicFirst-ৰ ই-লাৰ্ণিং প্ৰগ্ৰামৰ যোগেদি অভিজ্ঞ শিক্ষক আৰু শীৰ্ষ স্থানীয় গুৰুৰ পৰা শিক্ষালাভ কৰিব পাৰি

News18 Assam | News18-Assam
Updated:September 15, 2020, 7:00 PM IST
BasicFirst-ৰ ই-লাৰ্ণিং প্ৰগ্ৰামৰ যোগেদি অভিজ্ঞ শিক্ষক আৰু শীৰ্ষ স্থানীয় গুৰুৰ পৰা শিক্ষালাভ কৰিব পাৰি
বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ই-লাৰ্ণিং আশীৰ্বাদস্বৰূপ হৈ উঠিব পাৰে আৰু লগতে সামগ্ৰিক শিক্ষাৰ ভৱিষ্যতৰ বাবেও ই আশাপ্ৰদ।

বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ই-লাৰ্ণিং আশীৰ্বাদস্বৰূপ হৈ উঠিব পাৰে আৰু লগতে সামগ্ৰিক শিক্ষাৰ ভৱিষ্যতৰ বাবেও ই আশাপ্ৰদ।

  • News18 Assam
  • Last Updated: September 15, 2020, 7:00 PM IST
  • Share this:
তুমি যিয়েই বিদ্যালয়, ক’ৰ্ছ বা শিক্ষামূলক আঁচনি অনুসৰণ কৰি নাথাকা কিয়, ওৱান-অন-ওৱান শিক্ষাৰ দ্বাৰা যিকোনো বিদ্যাৰ্থী লাভান্বিত হ’ব পাৰে। কিন্তু এক বিশাল স্তৰত, শ্ৰেণীকোঠাবিলাকত এয়া সম্ভৱপৰ হৈ নুঠে। ইয়াৰ ফলত জটিল সমস্যাবোৰ বুজি নোপোৱা ছাত্ৰ-ছাত্ৰী পিছ পৰি ৰয়। এই মহামাৰীৰ সময়ছোৱাত, এইখিনি কথা স্পষ্ট হৈ পৰিছে যে বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ই-লাৰ্ণিং আশীৰ্বাদস্বৰূপ হৈ উঠিব পাৰে আৰু লগতে সামগ্ৰিক শিক্ষাৰ ভৱিষ্যতৰ বাবেও ই আশাপ্ৰদ।

যোগ্যতাভিত্তিক আৰু ব্যক্তিগতকৰণ কৰিব পৰা বাটকটীয়া মঞ্চ BasicFirst-এ ই-লাৰ্ণিঙৰ ক্ষেত্ৰত এক অনন্য পন্থা অৱলম্বন কৰিছে। এই মঞ্চই প্ৰতিগৰাকী বিদ্যাৰ্থীকে এক ব্যক্তিকৃত পাঠ্যক্ৰম প্ৰদান কৰাৰ লগতে দেশৰ শীৰ্ষৰ আই.আই.টি আৰু আই.আই.এমৰ অধ্যাপক আৰু গুৰুৰ সৈতে সংস্পৰ্শত থকাৰ সুবিধা প্ৰদান কৰে। আপোনাক আই.আই.টি, মেডিকেল ক’ৰ্ছৰ বাবে ব্যক্তিকৃত বিকল্পৰেই প্ৰয়োজন হওক বা বিভিন্ন ৰাজ্যৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষাতেই সহায়ৰ প্ৰয়োজন হওক, BasicFirst-এ সৰ্বোত্তম ফলাফল লাভ কৰিবৰ বাবে সুযোগ্য বিদ্যাৰ্থীসকল আৰু শিক্ষকৰ মাজত এইখন মঞ্চই মণিকাঞ্চন সংযোগ ঘটাইছে।

এতিয়া আৰু বিদ্যাৰ্থীসকলে কোনো সন্দেহ আঁতৰ কৰিবৰ বাবে বা কোনো বিষয় বুজি নাপালে চিন্তা কৰাৰ প্ৰয়োজন নাই। শিক্ষকসকলৰ সৈতে যিকোনো সময়তে যোগাযোগ কৰি অসীমিত সংখ্যকবাৰৰ বাবে চাট, ফোনকলৰ যোগেদি সমস্যা সন্দেহ নিৰসণ কৰাৰ সুবিধা আছে। বিদ্যাৰ্থী এজনে বিনা দ্বিধাই আলোচনা কৰিব বা প্ৰশ্ন সুধিব পাৰে। তেওঁলোকে মাথোঁ BasicFirst পৰ্টেললৈ গৈ "Ask Response" বিকল্পটো বাছনি কৰাটো প্ৰয়োজন। শীঘ্ৰেই এগৰাকী অধ্যাপকে কল বেক কৰিব আৰু এজন এজনকৈ তোমাৰ প্ৰশ্নৰ সমাধান প্ৰদান কৰিব।

ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে এনে ব্যক্তিকৃত মনোযোগ আৰু যত্নই BasicFirst-ক সমসাময়িক অন্য ই-লাৰ্ণিং মঞ্চতকৈ পৃথক কৰি তুলিছে। শিক্ষা আৰু ই-লাৰ্ণিঙক ইয়াতকৈ মনোগ্ৰাহী তথা সহজ ৰূপত অন্য ক’তো উপস্থাপন কৰা দেখা পোৱা নাযায়।

কেতিয়াবা কেইগৰাকীমান শিক্ষাৰ্থী যেতিয়া পিছ পৰি যায়, তেতিয়া এই কাৰ্যক্ৰমৰ লক্ষ্য-ভিত্তিক পদ্ধতিয়ে তেওঁলোকক সুচাৰুৰূপে পৰিকল্পনা কৰি পাঠ্যক্ৰমৰ সৈতে খাপ খাবলৈ সহায় কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ সামৰ্থ অনুসৰি অধিক দক্ষতাৰে অধ্যয়ন কৰাতো সহায় কৰে। সঠিক মাগদৰ্শনৰ ফলত কঠিনতম পাঠটিকো সৰু সৰু অংশত বিভক্ত কৰি অনায়াসে বুজি পাবপৰা কৰাৰ লগতে সেইখিনি মনত ৰৈ যোৱাকৈ সজাব পাৰি।



পদাৰ্থবিজ্ঞান, ৰসায়ন, গণিত, জীৱবিজ্ঞান, বিজ্ঞান, ভূগোল, বাণিজ্য আৰু অন্যান্য প্ৰতিটো শিক্ষাৰ মডিউল বিনামূলীয়া উইকি একোখনৰ দ্বাৰা সমৰ্থিত। ইয়াৰ সহায়ত শিক্ষাৰ্থীসকলে সহজেই ৰেফাৰেন্স নোট প্ৰস্তুত কৰাৰ লগতে ভালদৰে বুজি পাবলৈ গভীৰ অধ্যয়নো কৰিব পাৰে। বিনামূলীয়া সমাধানৰ কিতাপ, SWOT বিশ্লেষণ আৰু 750 ৰো অধিক প্ৰি আৰু পোষ্ট মূল্যায়ন, ম’ক-আপ আৰু প্ৰেক্টিছ টেষ্টে নিশ্চিত কৰে তুমি যাতে চূড়ান্ত টেষ্ট আৰু পৰীক্ষাৰ বাবে প্ৰস্তুত হ’ব পাৰা।

কিন্তু এক উল্লেখযোগ্য কথা এই যে শিক্ষকৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ একাডেমিক কেলেণ্ডাৰৰ পৰিকল্পনাও কৰিব পাৰে। শ্ৰেণীসমূহ স্ব-গতিসম্পন্ন, আৰু অবাস্তৱিক একাডেমিক অনুসূচী মানি চলিবৰ বাবে কোনোধৰণৰ চাপ নাই। প্ৰি আৰু পোষ্ট মূল্যায়নসমূহৰ জৰিয়তে পাঠ্যক্ৰমৰ সমল কিছু সলনি কৰাৰ লগতে SWOT বিশ্লেষণ তথা বিশেষ পাঠ্যপুথিৰ সহায়ত তুমি ট্ৰেকত থাকি বেগাই আগুৱাই যাব পাৰিবা। তাৰোপৰি BasicFirst-এ সুনিশ্চিত কৰে যাতে ছাত্ৰ-ছাত্ৰীয়ে যিকোনো স্থানৰ পৰাই যাতে ভাৰ্ছুৱেল শিক্ষা গ্ৰহণ কৰিব পাৰে। ক’ৰ্ছৰ সমলখিনি অনলাইনত উপলব্ধ আৰু এপৰ জৰিয়তে ডাউনল’ড কৰিবও পৰা যায়। ইয়াৰ ফলত ভবিষ্যতে অধ্যয়ন কৰিবৰ বাবে ইয়াক সঞ্চয় কৰি ৰখাৰ উপৰিও যিকোনো সময়তে ইয়াক হাতৰ মুঠিতে পাব পাৰি।

এতিয়া আৰু বিদ্যাৰ্থীসকল, শিক্ষাবিদ আৰু অভিভাৱক তেওঁলোক বাস কৰা স্থানতে সীমিত হৈ থকাৰ প্ৰয়োজন নাই। সহপাঠীৰ সৈতে আলোচনা কৰিব পৰা চেনেলটোৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে নিজকে এক ডাঙৰ শ্ৰেণীৰ অংশ বুলি অনুভৱ কৰিব পাৰে; কিন্তু লগতে ব্যক্তিগতভাৱে অধ্যয়নৰ সুবিধাও লাভ কৰে।



দেশৰ কিছু শ্ৰেষ্ঠ সমলৰ ভিত্তিত নিৰ্মিত এই পাঠ্য-সমল আৰু ক’ৰ্ছৰ সহায়ত BasicFirst-ৰ আকৰ্ষণীয় আৰু ইন্টাৰএক্টিভ মডেলে সহজতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে পথ প্ৰশস্ত কৰি তুলিছে।

তোমাৰ নিজস্ব শ্ৰেষ্ঠ BasicFirst পাঠ্যক্ৰমৰ বাবে ইয়াত ক্লিক কৰা।
(এইটো এক পাৰ্টনাৰড পোষ্ট।)
First published: September 15, 2020, 7:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading