অৱশেষত খোল খাব গুদামত পৰি ৰোৱা ১৫০০০ কেচ সুৰাৰ বটল

News18 Assam | News18-Assam
Updated:September 4, 2020, 5:25 PM IST
অৱশেষত খোল খাব গুদামত পৰি ৰোৱা ১৫০০০ কেচ সুৰাৰ বটল
ইয়াৰ কাৰণে DDMA-এ বহুকেইটা কঠোৰ নিয়ম বান্ধি দিছে। তাৰে ভিতৰত বাৰৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো অন্যতম।

ইয়াৰ কাৰণে DDMA-এ বহুকেইটা কঠোৰ নিয়ম বান্ধি দিছে। তাৰে ভিতৰত বাৰৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো অন্যতম।

  • Share this:
কোৰোণা মহামাৰীয়ে সৃষ্টি কৰা অভূতপূৰ্ব সংকটৰ কাৰণে বন্ধ হৈ থকা দেশৰ ৰাজধানী দিল্লীৰ বাৰসমূহে অহা ৯ ছেপ্টেম্বৰৰ পৰা পুনৰ প্ৰাণ পাই উঠিব। পৰীক্ষামূলকভাৱে Delhi Disaster Management Authorityয়ে অহা ৯ ছেপ্টেম্বৰৰ পৰা দিল্লীৰ বাৰসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰিছে । ইয়াৰ কাৰণে DDMA-এ বহুকেইটা কঠোৰ নিয়ম বান্ধি দিছে। তাৰে ভিতৰত বাৰৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো অন্যতম।

অৱশ্যে বাৰলৈ সুৰাপান কৰিবলৈ যোৱাসকলে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰাৰ সন্দৰ্ভত কোনো নির্দেশ প্ৰদান কৰা হোৱা নাই। এই নিয়মসমূহ উলংঘা কৰিলে অনুজ্ঞাপত্ৰ কৰ্তন কৰাকে ধৰি বহুকেইটা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা নির্দেশ পত্ৰত উল্লেখ কৰিছে DDMA-এ।

Confederation of Indian Alcoholic Beverage Companies-এ দিল্লী চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনাইছে। Confederationৰ সভাপতি বিনোদ গিৰীয়ে সংবাদ মাধ্যমত কয় – “আমি চৰকাৰক বাৰ, ৰেষ্টুৰেণ্ট, হোটেল আৰু ক্লাবসমূহত সুৰা দিয়াৰ অনুমতি প্ৰদান কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই আহিছিলো। অৱশেষত চৰকাৰে আমাৰ কথা শুনিলে।“

গিৰীয়ে লগতে কয় – ‘এই সমূহ স্থানত মাত্ৰ ১০ শতাংশহে সুৰা বিক্ৰী হয় যদিও এই পদক্ষেপে স্বাভাৱিক জীৱনযাত্ৰা ঘূৰাই অনাত অনবদ্য ভূমিকা পালন কৰিব। যোৱা পাঁচ মাহ ধৰি গুদামত পৰি ৰোৱা প্ৰায় ১৫০০০ কেচ মদৰ বটল বিক্ৰীৰ কাৰণে মুকলি হ’ব।’

সুৰাৰ বিক্ৰীৰ পৰা দিল্লী চৰকাৰৰ ৰাজকোষ সৰ্বাধিক টনকিয়াল হয়। যোৱাটো বাজেটত এই খণ্ডৰ পৰা দিল্লী চৰকাৰে পাবলগীয়া ৰাজহ ৬২৯৭ কোটি টকা ধাৰ্য কৰিছিল।
Published by: Sanjay Kumar Das
First published: September 4, 2020, 5:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading