পিষ্টল লৈ Tik Tok কৰি থাকোতে ভুলতে চলিল গুলী, থিতাতে নিহত ছাত্ৰ

- News18 Assam
- Last Updated: January 14, 2020, 6:27 PM IST
লাইচেঞ্চ থকা পিষ্টলেৰে চলিছিল গুলী
জানিব পৰা মতে মুড়িয়া গাঁৱৰ ভিকমপুৰ নিবাসী সৈনিক বীৰেন্দ্ৰ কুমাৰে শেহতীয়াকৈ ৰুৰকীত কৰ্তব্যৰত অৱস্থাত আছে। গাঁৱত তেওঁৰ পত্নী গায়ত্ৰী দেৱী আৰু দুটি সন্তান কেশৱ আৰু প্ৰিয়াংশী থাকে। ১৮বছৰীয়া পুত্ৰ কেশৱ হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ। যেন মৰণেহে টানি নিছিল কেশৱক! মৃত্যুৰ দিনা পুৱাৰে পৰা কেশৱে লাইচেঞ্চ থকা পিষ্টলটো বিচাৰি কুটুৰি আছিল। গায়ত্ৰী দেৱীয়ে পুত্ৰক পিষ্টলটো সেইমতে বিশেষ চিন্তা নকৰাকৈ উলিয়াই দিছিল। কেশৱে পিষ্টল লৈ নিজৰ ৰুমত সুমোৱাৰ পিছতে গুলীচালনাৰ শব্দ আহে আৰু মাকে গৈ চাইমানে পুত্ৰ মজিয়াত ধৰফৰাই আছিল। মুৰৰ খোলাত গুলী লাগিছিল কেশৱৰ। লগে লগে কেশৱক বৰেলীৰে এখন হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। পৰিয়ালে কোনো ধৰনৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু আৰক্ষীয়েও এই ঘটনাক টিকটকৰ ভিডিও বনাওতে হোৱা মৃত্যু বুলিয়ে গণ্য কৰিছে। মৰণোত্তৰ পৰীক্ষা নকৰাকৈ কেশৱৰ শেষকৃত্য সম্পন্ন কৰা হয়।