উত্তৰ প্ৰদেশৰ বৰেলীত এজন মুছলমান যুৱকক স্থানীয় একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে। কামৰাণ নামৰ লোকজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰাৰ উপৰিও ভগৱান ৰাম আৰু কৃষ্ণৰ লগত তুলনা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ আঁচনি সমূহক জনকল্যানমুখী আখ্যা দি প্ৰধানমন্ত্ৰী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ বাবেই একাংশ লোকে প্ৰহাৰ কৰে লোকজনক।
ঘটনাত কামৰাণে মূৰত গুৰুতৰ ভাবে আঘাত পাইছে। বৰ্তমান সংকটজনক অৱস্থাত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কামৰাণৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।
ইফালে ঘটনাৰ সন্দৰ্ভত কামৰাণে কৈছে যে,তেওঁ নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰামৰ অৱতাৰ। তেওঁ দেশখন খুব ভালদৰে চলাই আছে। মানুহে সকলো পাইছে। ৰেচনৰ পৰা আৰম্ভ কৰি সকলো পাইছে। মুখ্যমন্ত্ৰী যোগী কৃষ্ণৰ অৱতাৰ। কিন্তু মই এনেকৈ কোৱাত একাংশ মৌলবাদীয়ে প্ৰতিবাদ কৰিছিল।
কামৰাণে লগতে কৈছে যে, তেওঁক দুদিন পূৰ্বে আক্ৰমণ কৰা হৈছিল। বৰ্তমান, কামৰানৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে পাঁচজন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে আৰু গোচৰটোৰ তদন্ত কৰি আছে। বাৰাদাৰী আৰক্ষী থানাৰ পৰিদৰ্শক নীৰজ মালিকে ঘটনাৰ সন্দৰ্ভত কৈছে যে, ঘটনাত কামৰাণৰ ভতিজাকো জড়িত আছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|