কোৰোণা সংকটৰ সময়ত দেশৰ ১৯কোটি ভাৰতীয় দৰ্শক হ’ল Network18 চেনেলৰ

BARCৰ শেহতীয়া তথ্যত প্ৰকাশ।
দেশত কোৰোণা সংকটৰ দ্বিতীয়টো সপ্তাহত দৈনিক ১৯কোটি দৰ্শকে দৈনিক চালে Network18ৰ ১৫টা ভাষাৰ ২০টা টেলিভিজন চেনেল। BARCৰ শেহতীয়া তথ্যত প্ৰকাশ পাইছে এই তথ্য।
এই তথ্য মতে ২১মাৰ্চৰ পৰা ২৭মাৰ্চলৈ মুঠ ৪২কোটিৰো অধিক দৰ্শকে Network18ৰ চেনেল দৰ্শন কৰি দেশৰ ভিতৰতে এক নম্বৰ নিউজ ডেষ্টিনেশ্যনলৈ পৰিণত কৰে।
মাৰ্চৰ ২২তাৰিখে অৰ্থাৎ ‘জনতা কাৰ্ফিউ’ৰ দিনটতো Network18–এ মুঠ ২২.১২ কোটি দৰ্শক ইংৰাজী, হিন্দী আৰু আঞ্চলিক ভাষাৰ চেনেলসমূহত লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্চৰ ২৪তাৰিখে কৰা ২১দিনীয়া লকডাউনৰ ঘোষণা আছিল সৰ্বাধিক লোকে চোৱা শ্ব’। ১৯.৪৬কোটি দৰ্শকে প্ৰধানমন্ত্ৰীৰ ৩০মিনিটৰ আহ্বান টেলিভিজনত প্ৰত্যক্ষ কৰে।
টিভি আৰু ডিজিটেল উভয় মাধ্যমতে Covid-19ৰ সংকটত দৰ্শক বৃদ্ধি পাইছে। ভিউৱাৰশ্বিপৰ ফালৰ পৰা টিভি নিউজৰ ভিউৱাৰ মুঠ ৫৭শতাংশ বৃদ্ধি পাইছে। আনহাতে টিভি বাতৰিৰ দৈনিক গড় ৰীচ্চ বাঢ়িছে ৩৪শতাংশ।
