বাৰাবংকীঃ যৌতুকৰ বাবে বিজেপি নেতাই পত্নীক হত্যা কৰাৰ অভিযোগ, গোচৰ ৰুজু

২০১৯ৰ ২৭ জানুৱাৰীত বিজেপিৰ যুৱা মৰ্চাৰ জিলা মন্ত্ৰী ৰাহুল সিং বিবাহপাশত আৱদ্ধ হৈছিল বহৰাইছ নিবাসী স্নেহলতা সিঙৰ সৈতে। প্ৰেমবিবাহ হৈছিল দুয়োৰে। স্নেহলতা ছেফদাবাদস্থিত নিউ মেডিকেল ইনষ্টিটিউটত ঘৰুৱা শিক্ষক হিচাপে কৰ্মৰত আছিল।

News18-Assam
Updated:July 7, 2019, 3:58 PM IST
বাৰাবংকীঃ যৌতুকৰ বাবে বিজেপি নেতাই পত্নীক হত্যা কৰাৰ অভিযোগ, গোচৰ ৰুজু
২০১৯ৰ ২৭ জানুৱাৰীত বিজেপিৰ যুৱা মৰ্চাৰ জিলা মন্ত্ৰী ৰাহুল সিং বিবাহপাশত আৱদ্ধ হৈছিল বহৰাইছ নিবাসী স্নেহলতা সিঙৰ সৈতে। প্ৰেমবিবাহ হৈছিল দুয়োৰে। স্নেহলতা ছেফদাবাদস্থিত নিউ মেডিকেল ইনষ্টিটিউটত ঘৰুৱা শিক্ষক হিচাপে কৰ্মৰত আছিল।
News18-Assam
Updated: July 7, 2019, 3:58 PM IST
উত্তৰ প্ৰদেশৰ বাৰাবংকীত দেওবাৰে পুৱা বিজেপিৰ যুৱা মৰ্চাৰ জিলা মন্ত্ৰী ৰাহুল সিঙৰ পত্নীৰ হত্যা। বিজেপি নেতাগৰাকীয়ে ক’লে যে তেওঁ পত্নীৰ সৈতে গাড়ীৰে নিজৰ গাঁৱলৈ গৈ আছিল, সেই সময়তে দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰে আৰু পত্নীক লক্ষ্য কৰি ২টাকৈ গুলী চলায়। আনহাতে, মৃত মহিলাগৰাকীৰ পিতৃৰ অভিযোগ যে ৰাহুল সিঙে যৌতুকৰ বাবে তেওঁৰ কন্যাক হত্যা কৰে। বিজেপি নেতাগৰাকীৰ অবৈধ সম্পৰ্ক থকাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন হৈছে। বৰ্তমান মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে বিজেপি নেতা ৰাহুল সিংসহ ৬ জন লোকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

বাৰাবংকীৰ ফটেহপুৰ থানাৰ বেলহৰা পুলৰ সমীপত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। ২০১৯ৰ ২৭ জানুৱাৰীত বিজেপিৰ যুৱা মৰ্চাৰ জিলা মন্ত্ৰী ৰাহুল সিং বিবাহপাশত আৱদ্ধ হৈছিল বহৰাইছ নিবাসী স্নেহলতা সিঙৰ সৈতে। প্ৰেমবিবাহ হৈছিল দুয়োৰে। স্নেহলতা ছেফদাবাদস্থিত নিউ মেডিকেল ইনষ্টিটিউটত ঘৰুৱা শিক্ষক হিচাপে কৰ্মৰত আছিল। কিন্তু, দেওবাৰে পুৱা সন্দেহজনক অৱস্থাত হত্যা কৰা হয় মহিলাগৰাকীক।



অভিযুক্তৰ স্বীকাৰোক্তি
মহম্মদপুৰ খালা নিবাসী ৰাহুল সিঙে আৰক্ষীক জনালে যে, তেওঁ পত্নীৰ সৈতে গাঁৱলৈ গৈ আছিল, সেই সময়তে তেওঁলোকক লুটপাত চলোৱাৰ লক্ষ্যৰে অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। লুটপাত কৰাত বিৰোধিতা কৰাত তেওঁৰ পত্নী স্নেহলতাক দুৰ্বত্তই তেওঁক লক্ষ্য কৰি গুলী চলায়। থিতাতে নিহত হয় পত্নী আৰু ৰাহুল সিঙক গুৰুতৰ অৱস্থাত বাৰাবংকী জিলা হাস্পতালত ভৰ্তি কৰোৱা হয়।

জোঁৱায়েকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
মৃত মহিলাগৰাকীৰ পিতৃৰ অভিযোগ যে ৰাহুল সিঙে যৌতুকৰ বাবে তেওঁৰ কন্যাক হত্যা কৰে। ঘটনা সন্দৰ্ভত ৰাহুল সিঙৰ অন্য যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰো অভিযোগ উত্থাপন হৈছে। সেই যুৱতীগৰাকীৰ বাবে পত্নীক হত্যা কৰা বুলি অভিযোগ। আনহাতে, ৰাহুল পত্নীৰ মৃতদেহ ঘটনাস্থলীতে পেলাই থৈ আহি আৰক্ষীক খবৰ দিয়া আৰু ঘটনাটোত ৰাহুলে আঘাতৰ পৰিমান সামান্য হোৱা বাবে ঘটনাটো ৰহস্যৰ মাজত সোমাই পৰিছে।



মৃত মহিলাগৰাকীৰ পিতৃ ৰামকুমাৰ সিঙে ক’লে যে বিয়াৰ পিছৰে পৰা শহুৰ পৰিয়ালে যৌতুকৰ দাবী কৰিছিল। যাৰ বাবে তেওঁৰ কন্যাক হত্যা কৰা হৈছিল।

 
আৰু চাওক পৰৱৰ্তী বাতৰি