পিঁয়াজ পঠিওৱা বন্ধ কৰিলে ভাৰতে! ৰান্ধনীক কি ক’লে শ্বেখ হাছিনাই?

ভাৰতৰ কাৰণে পিঁয়াজ খাবলৈ বাদ দিবলগীয়া হৈছে শ্বেখ হাছিনাই। উষ্মাৰে ক’লে এই কথা। 

News18-Assam
Updated:October 4, 2019, 6:51 PM IST
পিঁয়াজ পঠিওৱা বন্ধ কৰিলে ভাৰতে! ৰান্ধনীক কি ক’লে শ্বেখ হাছিনাই?
ভাৰতৰ কাৰণে পিঁয়াজ খাবলৈ বাদ দিবলগীয়া হৈছে শ্বেখ হাছিনাই। উষ্মাৰে ক’লে এই কথা। 
News18-Assam
Updated: October 4, 2019, 6:51 PM IST
পিয়াঁজৰ দামে বাৰুকৈ জ্বলা–কলা কৰিছে, ইয়াৰ মাজতে ভাৰতে পিঁয়াজৰ ৰপ্তানি বন্ধ কৰি দিছে। ইয়াৰ কাৰণে শলঠেকত পৰিছে বাংলাদেশ। বাংলাদেশতো এতিয়া তীব্ৰ পিঁয়াজ সংকট। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাইও পিঁয়াজ খাবলৈ বাদ দিব লগীয়া হৈছে। ভাৰত ভ্ৰমণলৈ অহা শ্বেখ হাছিনাই উষ্মাৰে প্ৰকাশ কৰিছে ভাৰতে পিঁয়াজৰ ৰপ্তানি বন্ধ কৰাৰ আগত জনোৱাটো প্ৰয়োজন আছিল।



দিল্লীত ভাৰত–বাংলাদেশ বিজনেছ ফৰামত কেন্দ্ৰীয় মন্ত্ৰী পিযুষ গোৱেলৰ সন্মুখত মৃদু ৰসিকতা কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,

মই নাজানো কিয় ভাৰতে পিঁয়াজৰ ৰপ্তানি বন্ধ কৰিলে। সেইকাৰণে মই নিজৰ ৰান্ধনীক কৈছো খাদ্যত পিঁয়াজ ব্যৱহাৰ নকৰিবা। এইধৰণৰ সিদ্ধান্ত আগতে জনালে ভাল হয়। আপোনালোকে পিঁয়াজ পঠিওৱা বন্ধ কৰিলে, আমি বিপদত পৰিছো। ভৱিষ্যতে এনেধৰণৰ সিদ্ধান্ত ল’লে আগতীয়াকৈ জনালে সুবিধা হ’ব।


উল্লেখযোগ্য যে দেশত পিঁয়াজৰ বৰ্ধিত চাহিদালৈ চাই যোৱা দেওবাৰে ভাৰতে পিঁয়াজৰ ৰপ্তানি বন্ধ কৰিছে। পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ খুচুৰা তথা পাইকাৰী ব্যৱসায়ীসকলে পিঁয়াজ জমা কৰি ৰখাৰ ক্ষেত্ৰতো সীমা বান্ধি দিছে কেন্দ্ৰই।
আৰু চাওক পৰৱৰ্তী বাতৰি