• Home
  • »
  • News
  • »
  • nation
  • »
  • Bank Holidays in December 2021: ডিচেম্বৰ মাহত ইমান দিনৰ বাবে বন্ধ থাকিব বেংক, জানি লওক বেংকৰ বন্ধৰ সম্পূৰ্ণ তালিকা

Bank Holidays in December 2021: ডিচেম্বৰ মাহত ইমান দিনৰ বাবে বন্ধ থাকিব বেংক, জানি লওক বেংকৰ বন্ধৰ সম্পূৰ্ণ তালিকা

Bank Holidays in December 2021: মন কৰিব লগীয়া যে সমগ্ৰ দেশত সকলো বেংকেই ১২ দিনৰ বাবে বন্ধ নাথাকিব কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)য়ে নিৰ্ধাৰণ কৰা কিছুমান বন্ধ হৈছে আঞ্চলিক হন্ধ।

  • Share this:
Bank Holidays in December 2021: যদি আপুনি ডিচেম্বৰত বেংক সম্পৰ্কীয় কাম কৰিবলৈ ওলায় তেন্তে প্ৰথমে এই বাতৰিটো পঢ়ি লওক। এই মাহত সাপ্তাহিক বন্ধ আৰু খ্ৰীষ্টমাছৰ দৰে বহুতো বন্ধ থাকিব। এই গোটেই মাহত মুঠ ১২ দিনৰ বাবে বেংক বন্ধ থাকিব। বহুতো বন্ধ ওচৰা-ওচৰিকৈ হ'ব। এই ক্ষেত্ৰত বেংকৰ সৈতে সম্পৰ্কিত কাম সময়মতে সম্পূৰ্ণ কৰিব লাগিব।

ডিচেম্বৰ 2021-ত বেংক বন্ধ  
মন কৰিব লগীয়া যে সমগ্ৰ দেশত সকলো বেংকেই ১২ দিনৰ বাবে বন্ধ নাথাকিব কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)য়ে নিৰ্ধাৰণ কৰা কিছুমান বন্ধ হৈছে আঞ্চলিক হন্ধ। ইয়াৰ অৰ্থ হৈছে যে বেংকবোৰ কেৱল কেইদিনমানৰ বাবে কেইখনমান ৰাজ্যত বন্ধ থাকিব, কিন্তু আন ৰাজ্যবোৰত সকলো বেংকিং কাৰ্যকলাপ সাধাৰণ দিনৰ দৰে একে হ'ব। চাই লওক বন্ধৰ তালিকাখন-

– ৩ ডিচেম্বৰত পানাজীৰ ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰৰ উৎসৱত বেংকসমূহ বন্ধ থাকিব।
– ৫ ডিচেম্বৰ সাপ্তাহিক দেওবাৰৰ বন্ধ হ'ব।
- ১১ ডিচেম্বৰ মাহৰ দ্বিতীয় শনিবাৰ বাবে বেংকসমূহ বন্ধ থাকিব ।
– ১২ ডিচেম্বৰত দেওবাৰৰ সাপ্তাহিক বন্ধ।
– ১৮ ডিচেম্বৰত শ্বিলঙৰ বেংকসমূহ ইউ ছো থামৰ মৃত্যু বাৰ্ষিকীত বন্ধ থাকিব।
– ১৯ ডিচেম্বৰৰ দেওবাৰে সাপ্তাহিক বন্ধ।
- ২৪ ডিচেম্বৰত আইজলৰ বেংকসমূহ খ্ৰীষ্টমাছত বন্ধ থাকিব।
– ২৫ ডিচেম্বৰত বৰদিনত বেংগালুৰু আৰু ভুৱনেশ্বৰৰ বাহিৰে সকলো ঠাইতে বেংক বন্ধ থাকিব।
– ২৬ ডিচেম্বৰ হৈছে দেওবাৰৰ সাপ্তাহিক বন্ধ।
– ২৭ ডিচেম্বৰত খ্ৰীষ্টমাছ উদযাপনৰ বাবে আইজলৰ বেংকসমূহ বন্ধ থাকিব।
– ৩০ ডিচেম্বৰত ইউ কিয়াং নংবাহৰ বাবে শ্বিলঙত বেংকসমূহ বন্ধ থাকিব।
– ৩১ ডিচেম্বৰত নতুন বছৰৰ সন্ধিয়া আইজলত বেংকে কাম নকৰিব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি