• Home
  • »
  • News
  • »
  • nation
  • »
  • বাজেটৰ আগতেই কৰি লওক দৰকাৰী কাম, ফেব্ৰুৱাৰীৰ আৰম্ভনিতে তিনিদিন বন্ধ বেংক

বাজেটৰ আগতেই কৰি লওক দৰকাৰী কাম, ফেব্ৰুৱাৰীৰ আৰম্ভনিতে তিনিদিন বন্ধ বেংক

এতিয়া আপুনি ঘৰত বহি অনলাইনত প্ৰী–এপ্ৰুভড পাৰ্চনেল লোন ল’ব পাৰিব। এয়া কেৱল চাৰিটা সাধাৰণ ষ্টেপত হৈ পৰিব। নিজৰ সুবিধা মতে এই লোন 24X7 ল’ব পাৰিব। SBI গ্ৰাহকে YONO এপৰ জৰিয়তে কেৱল চাৰিটা ক্লিকত এয়া ল’ব পাৰিব। 

এতিয়া আপুনি ঘৰত বহি অনলাইনত প্ৰী–এপ্ৰুভড পাৰ্চনেল লোন ল’ব পাৰিব। এয়া কেৱল চাৰিটা সাধাৰণ ষ্টেপত হৈ পৰিব। নিজৰ সুবিধা মতে এই লোন 24X7 ল’ব পাৰিব। SBI গ্ৰাহকে YONO এপৰ জৰিয়তে কেৱল চাৰিটা ক্লিকত এয়া ল’ব পাৰিব। 

১ফেব্ৰুৱাৰীত বাজেট দাখিল কৰা হ’ব। ইয়াৰ এদিন পূৰ্বে আৰু এদিন পিছত মুঠ তিনিদিন বেংক বন্ধ থাকিব। এনেকুৱাত যদি আপুনি বেংকৰ কোনো কাম কৰিব খোজে তেনেহ’লে ৩১জানুৱাৰীৰ আগত কৰি লওক। 

  • Share this:
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১তাৰিখে বাজেট দাখিল কৰিব আৰু তাৰ এদিন আগত আৰু এদিন পিছত মুঠ ৩দিন বেংক বন্ধ থাকিব। এনেকুৱাত যদি আপুনি বেংকৰ কোনো দৰকাৰী কাম কৰিব খোজে তেনেহ’লে সেয়া ৩১জানুৱাৰীৰ পূৰ্বে সমাপন কৰি লওক।

অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি বেংক ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে ক্ষুব্ধ বেংক সংগঠনে। সপ্তাহত পাঁচ দিন কাম, ‘Pay Structure পুনৰ নিৰ্ধাৰণ’ আদি বিভিন্ন দাবীৰে ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। ইয়াৰ উপৰিও অহা ১১,১২,১৩ মাৰ্চত বিক্ষোভ প্ৰদৰ্শন কৰিব বেংকৰ কৰ্মচাৰীসকলে। যদি চৰকাৰে দাবী মানি নলয় তেন্তে অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন বেংক ধঘৰ্মঘট কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে বেংক কৰ্মচাৰীয়ে।

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ অহা ৩১ জানুৱাৰি আৰু ১ ফেব্ৰুৱাৰিত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব।

দুদিনীয়া ধৰ্মঘটৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবৰো ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ সকলো কাম-কাজ বন্ধ হৈ পৰিব।

উল্লেখযোগ্য যে, এই দিন দুটাত ধৰ্মঘট কাৰ্যসূচী সফল হয় তেন্তে একেৰাহে তিনিদিন ধৰি স্তব্ধ হৈ পৰিব বেংকৰ কাম কাজ, কিয়নো ২ ফেব্ৰুৱাৰি দেওবাৰ।

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ (য়ু এফ বি য়ু) হ’ল ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বিভিন্ন সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ।

অৱশ্যে এই মঞ্চৰ অধীনত নথকা ব্যক্তিগত খণ্ডৰ বেংক, যেনে ICICI, AXIS, HDFC, YES বেংক আদিৰ সেৱা অব্যাহত থাকিব বুলি নিশ্চিত হ’ব পৰা গৈছে।
Published by:Tulika Devi
First published: