CAIT letter to Nirmala Sitharaman:বেংকৰ সৈতে ই–কমাৰ্চ কোম্পানীসমূহৰ অবৈধ চুক্তি! বিত্তমন্ত্ৰীলৈ বিস্ফোৰক পত্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ!

News18 Assam | News18-Assam
Updated:November 30, 2020, 2:51 PM IST
CAIT letter to Nirmala Sitharaman:বেংকৰ সৈতে ই–কমাৰ্চ কোম্পানীসমূহৰ অবৈধ চুক্তি! বিত্তমন্ত্ৰীলৈ বিস্ফোৰক পত্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ!
তেওঁলোকৰ আৱেদন, বিত্তমন্ত্ৰীয়ে যেন তৎপৰতাৰে এই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

তেওঁলোকৰ আৱেদন, বিত্তমন্ত্ৰীয়ে যেন তৎপৰতাৰে এই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

  • Share this:
নতুন দিল্লীঃ Amazon, Flipkart -ৰ  দৰে বিদেশী মালিকানাধীন ই–কমাৰ্চ কোম্পানীসমূহৰ সৈতে গোপনে বুজা পৰা কৰি দেশৰ ক্ষুদ্ৰ তথা দোকানসমূহৰ সৈতে পক্ষপাতিত্ব কৰিছে দেশৰ বেংকসমূহে। এই ক্ষেত্ৰত RBI-ৰ আচৰণবিধি লংঘন কৰাৰো অভিযোগ। এই অভিযোগেৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ চিঠি প্ৰেৰণ কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্রেডার্চ (CAIT)ৰ। তেওঁলোকৰ আৱেদন, বিত্তমন্ত্ৰীয়ে যেন তৎপৰতাৰে বিষয়টো পৰীক্ষা কৰি এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

দেশৰ প্রায় ৭ কোটি ক্ষুদ্ৰ ব্যৱসায়ীৰ প্রতিনিধিত্বকাৰী সংস্থা CAIT-ৰ অভিযোগ, Amazon, ৱালমাৰ্ট মালিকানাধীন Flipkart তথা অন্য ই–কমাৰ্চ কোম্পানীসমূহৰ সৈতে গোপনে চুক্তি কৰিছে দেশৰ বহুকেইটা বেংকে। এই পক্ষপাতিত্বৰ বলি হৈছে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা সাধাৰণ মানুহ। এই ক্ষেত্ৰত বেংকসমূহে এই সকলো চাইটৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আকৰ্ষণীয় কেচবেক, ইনষ্টেণ্ট ডিচকাউণ্ট সহ একাধিক অফাৰ দিয়ে। ইয়াৰ ফলত কেৱল সংশ্লিষ্ট ই–কমাৰ্চ কোম্পানীসমূহৰ ক্ৰেতাসকলৰ সংখ্যা বঢ়াই নহয় দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় হ্ৰাস কৰিছে।

এই সন্দৰ্ভত CAIT-ৰ নেচনেল চেক্ৰেটাৰী জেনেৰেল প্রবীণ খাণ্ডেলৱালে জনায়, বেংক তথা ই–কমাৰ্চ কোম্পানীসমূহৰ এই বুজা–পৰা বিভিন্ন দিশৰ পৰা অবৈধ তথা বে-আইনী। ইয়ে ভাৰতীয় সংবিধানৰ ৰাইট অৱ ট্রেডক সংঘন কৰে। লগতে কম্পিটিশ্যন এক্ট ২০০২-কো লংঘন কৰে। ইয়াত এই ই–কমাৰ্চ কোম্পানী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত পক্ষপাতিত্ব কৰা হৈছে। SBI, Axis তথা ICICI বেংকৰ দৰে দেশৰ বৃহৎ বেংকসমূহে ই–কমাৰ্চ চাইটসমূহৰ মাজত একাধিক অফাৰ বিতৰণ কৰে। কিন্তু দেশৰ ক্ষুদ্ৰ দোকানী বা ব্যৱসায়ীৰ অনলাইন পেমেণ্টত সেইধৰণৰ সুবিধা নিদিয়ে। তেওঁলোকক বঞ্চিত কৰা হয়। বেংকসমূহে এই স্বেচ্ছাচাৰিতা কেনেকৈ কৰিছে সেয়া স্পষ্টকৈ জনা নাযায়। লগতে চিন্তাৰ বিষয় হ’ল RBI বা কোনো বিশেষজ্ঞই এই বিষয়টোক লৈ এইপৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই।

চিঠিত বিত্তমন্ত্রীক কঠোৰ ব্যৱস্থা লোৱাৰ অনুৰোধ কৰা হৈছে।
First published: November 30, 2020, 2:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি