মুখ্যপৃষ্ঠা »খবৰ »দেশ »বেংকত যদি গুৰুত্বপূৰ্ণ কাম আছে সোনকালে কৰক, পৰৱৰ্তী ৯টা দিনৰ ৫দিনেই বন্ধ থাকিব বেংক

বেংকত যদি গুৰুত্বপূৰ্ণ কাম আছে সোনকালে কৰক, পৰৱৰ্তী ৯টা দিনৰ ৫দিনেই বন্ধ থাকিব বেংক

১৫ আৰু ১৬ মাৰ্চ অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে বেংগ সংগঠনৰ ধৰ্মঘটৰ বাবে বন্ধ হৈ থাকিব বেংকসমূহ।

১৫ আৰু ১৬ মাৰ্চ অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে বেংগ সংগঠনৰ ধৰ্মঘটৰ বাবে বন্ধ হৈ থাকিব বেংকসমূহ।

১৫ আৰু ১৬ মাৰ্চ অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে বেংগ সংগঠনৰ ধৰ্মঘটৰ বাবে বন্ধ হৈ থাকিব বেংকসমূহ।

  • Share this:
যদিহে বেংকৰ সৈতে জড়িত কোনো কাম কৰিবলৈ আছে, তেন্তে শীঘ্ৰেই কৰি লওক আপোনাৰ কাম। অন্যথা সমস্যাৰ সন্মুখীন হ'ব লাগিব আপুনি। কিয়নো চলিত মাৰ্চৰ মাহৰ আগন্তুক ৯টা দিনৰ ভিতৰত ৫টা দিনেই বন্ধ থাকিব বেংকৰ কাম-কাজ। ১১ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে মহাশিৱৰাত্ৰিৰ বন্ধৰ পৰা আৰম্ভ কৰি শনিবাৰে আৰু দেওবাৰে বন্ধ থাকিব বেংক। তাৰ পিছত ১৫ আৰু ১৬ মাৰ্চ অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে বেংক সংগঠনৰ ধৰ্মঘটৰ বাবে বন্ধ হৈ থাকিব বেংকসমূহ। ইয়াৰ মাজতে ১২ মাৰ্চ অৰ্থাৎ শুকুৰবাৰেহে খোলা থাকিব বেংক।

১২ মাৰ্চত বেংক খোলা থাকিব যদিও বহু বেংক কৰ্মচাৰীয়ে দীঘলীয়া বন্ধৰ বাবে ছুটিত থকাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত আপোনাৰ কাম সম্পন্ন কৰিবলৈ আপুনি শুকুৰবাৰে বেংকৰ শাখাত দীৰ্ঘ সময় অপেক্ষা কৰিব লাগিব পাৰে। কিয়নো বেংক বন্ধ আৰু ধৰ্মঘটৰ মাজতে  কেৱল এটা দিন খুলিব বেংক।

জানি লওক বেংকৰ এই দীঘলীয়া বন্ধৰ কাৰণ -

১১ মাৰ্চ - মহাশিৱৰাত্ৰিৰ বাবে গুজৰাট, কৰ্ণাটক, মধ্য প্ৰদেশ, ওড়িশা, পঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা, ৰাজস্থান, জম্মু, উত্তৰ প্ৰদেশ,কেৰালা, মহাৰাষ্ট্ৰ, ছত্তীশগড়, ঝাৰখণ্ড কাশ্মীৰ আৰু হিমাচল প্ৰদেশত বন্ধ থাকিব বেংক। যদিও মহাশিৱৰাত্ৰিত খোলা থাকিব দিল্লীৰ বেংকসমূহ।

১৩ মাৰ্চ - মাহৰ দ্বিতীয় শনিবাৰ উপলক্ষ্যে বন্ধ থাকিব বেংক।

১৪ মাৰ্চ - দেওবাৰৰ হোৱা হেতুকে বেংকবোৰৰ সাপ্তাহিক ছুটি থাকিব।

১৫ আৰু ১৬ মাৰ্চ - বেংক কৰ্মচাৰীৰ ৯টাকৈ সংগঠনৰ শীৰ্ষ সংগঠন ইউ এফ বি ইউয়ে ৰাজহুৱা খণ্ডৰ দুটাকৈ বেংকৰ ব্যক্তিগতকৰণৰ বিৰোধিতাক দেশজুৰি ১৫ আৰু ১৬ মাৰ্চত ধৰ্মঘটৰ আহ্বান জনাইছে। যাৰ বাবে এই দুটা দিনত বন্ধ থাকিব বেংক।

শেহতীয়া বাতৰি