ডাঙৰ খবৰ! চাৰিটাকে বেংকে ২৫ছেপ্তেম্বৰৰ পৰা ২৭ছেপ্তেম্বৰলৈ কৰিব ধৰ্মঘট

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বেংকৰ বিলয়ৰ (Bank Merger) সিদ্ধান্তৰ বিৰোধিতাৰে বেংকৰ ৪টাকৈ কৰ্মচাৰী ইউনিয়নে অহা ২৫ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈ ধৰ্মঘট কৰাৰ সিদ্ধান্ত লৈছে। 

News18
Updated:September 13, 2019, 9:37 AM IST
ডাঙৰ খবৰ! চাৰিটাকে বেংকে ২৫ছেপ্তেম্বৰৰ পৰা ২৭ছেপ্তেম্বৰলৈ কৰিব ধৰ্মঘট
কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বেংকৰ বিলয়ৰ (Bank Merger) সিদ্ধান্তৰ বিৰোধিতাৰে বেংকৰ ৪টাকৈ কৰ্মচাৰী ইউনিয়নে অহা ২৫ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈ ধৰ্মঘট কৰাৰ সিদ্ধান্ত লৈছে। 
News18
Updated: September 13, 2019, 9:37 AM IST
কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বেংকৰ বিলয়ৰ (Bank Merger) সিদ্ধান্তৰ বিৰোধিতাৰে বেংকৰ ৪টাকৈ কৰ্মচাৰী ইউনিয়নে অহা ২৫ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈ ধৰ্মঘট কৰাৰ সিদ্ধান্ত লৈছে। ক্ষুব্ধ ইউনিয়নৰ মতে যদিহে দাবী পূৰণ কৰা নহয় তেনেহ’লে নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰা হ’ব। উল্লেখযোগ্য যে শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১০টাকৈ চৰকাৰী বেংকৰ সন্মিলিতকৰণ ঘোষণা কৰিছিল। এই আঁচনি অনুসৰি দেশত চৰকাৰী বেংকৰ সংখ্যা ২৭টাৰ পৰা কমি ১২টা হ’ব। বেংকৰ সন্মিলিতকৰণৰ প্ৰভাৱ বেংকত একাউণ্ট থকা প্ৰতিজন ব্যক্তিৰ ওপৰত পৰিব পাৰে। ইয়াৰ আগতে ছটাকৈ সৰু চৰকাৰী বেংক ইতিমধ্যে এছবিআইত আৰু বিজয়া বেংক, দেনা বেংকৰ বেংক অৱ বৰোদাত বিলয় ঘটিছে।

কৰ্মচাৰীসকলৰ ধৰ্মঘটৰ ফলত বেংকৰ কাম–কাজত প্ৰভাৱ পৰিব। গ্ৰাহকসকলে এই ধৰ্মঘটৰ প্ৰতি লক্ষ্য ৰাখিয়ে নিজৰ কাম কাজ সম্পন্ন কৰিব লাগিব।

ইয়াৰ আগতে কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বেংকৰ কৰ্মচাৰী ইউনিয়ন অখিল ভাৰতীয় বেংক কৰ্মচাৰী সংঘৰ সদস্যসকলে ৩১ আগষ্টত কৰ্মৰত অৱস্থাত নিজৰ নিজৰ বেংকত মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি