• Home
  • »
  • News
  • »
  • nation
  • »
  • Alert! মাহৰ শেষত কেই‍বাদিনো বেংক বন্ধ! বেংক ইউনিয়নে কৰিলে ধৰ্মঘটৰ ঘোষণা

Alert! মাহৰ শেষত কেই‍বাদিনো বেংক বন্ধ! বেংক ইউনিয়নে কৰিলে ধৰ্মঘটৰ ঘোষণা

যদি বেংকৰ কিবা কাম আছে তেনেহ’লে সোনকালে কৰি লওক।

যদি বেংকৰ কিবা কাম আছে তেনেহ’লে সোনকালে কৰি লওক।

যদি বেংকৰ কিবা কাম আছে তেনেহ’লে সোনকালে কৰি লওক।

  • Share this:
যদি আপোনাৰ ওচৰত বেংকৰ কিবা কাম আছে তেনেহ’লে অহা সপ্তাহৰ মঙলবাৰলৈকে সেই সকলোবোৰ কাম কৰি লওক। অহা সপ্তাহত একেৰাহে কেইবাদিনো বন্ধ থাকিব বেংক। পিএছইউ (PSU Banks)ৰ মেগা বিলয়ৰ পিছত বিৰোধ, দৰমহা বৃদ্ধি আৰু প্ৰতি সপ্তাহত দুদিনকৈ ছুটীৰ দাবীৰে বেংক ইউনিয়নে ২৭ মাৰ্চত ধৰ্মঘট ঘোষণা কৰিছে। এই ধৰ্মঘট আগতে ১১ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ হোৱাৰ কথা আছিল। উল্লেখযোগ্য যে, বেংক ইউনিয়নে ইতিমধ্যে ঘোষণা কৰিছে যে যদিহে তেওঁলোকৰ দাবী পূৰণ কৰা নহয় তেনেহ’লে তেওঁলোকে ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন দেশব্যাপী বেংক ধৰ্মঘট কৰিব।

তেওঁলোকৰ দাবীৰ ভিতৰত ১০টা পিএছইউ বেংকৰ প্ৰস্তাৱিত বিলয় ৰোধ, আইডিবিআই বেংকৰ ব্যক্তিগতকৰণ, বেংক সংশোধনী উঠাই লোৱা, বেয়া ঋণ আদায় আৰু জমা ধনৰ সুত বৃদ্ধি অন্তৰ্ভুক্ত।

কেইবাদিনো বন্ধ থাকিব বেংক

যদিহে এই বেংক ধৰ্মঘট হয় তেনেহ’লে এই মাহৰ শেষৰ ৩দিন বেংক বন্ধ হৈ যাব। ২৫মাৰ্চত গুড়ি পড়বাৰ কাৰণে কেইবাখনো ৰাজ্যৰ বেংকৰ শাখা বন্ধ থাকিব। ২৭ মাৰ্চত ধৰ্মঘট, ২৮মাৰ্চত চতুৰ্থ শণিবাৰ আৰু ২৯মাৰ্চত দেওবাৰ কাৰণে বেংক বন্ধ থাকিব।

এই বছৰত বেংক ইউনিয়নে দুবাৰকৈ ধৰ্মঘট কৰিছে। ইয়াৰ পূৰ্বে ৮জানুৱাৰীত ভাৰত বন্ধৰ সময়ত বেংক ইউনিয়নে মোদী চৰকাৰৰ নীতিৰ বিৰুদ্ধে এদিনীয়া ধৰ্মঘট কৰিছিল। ইয়াৰ পিছত ৩১জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীতো ধৰ্মঘট আছিল।
Published by:Tulika Devi
First published: