দূৰ্গা পুজাৰ আগে আগে স্বস্তি! স্থগিত হ’ল দুদিনীয়া বেংক ধৰ্মঘট

এই সপ্তাহত শুকুৰবাৰলৈকে বেংক খোলা।

News18
Updated:September 24, 2019, 10:07 AM IST
দূৰ্গা পুজাৰ আগে আগে স্বস্তি! স্থগিত হ’ল দুদিনীয়া বেংক ধৰ্মঘট
এই সপ্তাহত শুকুৰবাৰলৈকে বেংক খোলা।
News18
Updated: September 24, 2019, 10:07 AM IST
স্থগিত হ’ল বেংক ধৰ্মঘট। ১০টাকৈ ৰাষ্ট্ৰীয়কৃত বেংকৰ বিলয় সাধন কৰি চাৰিটা বেংকলৈ সংযুক্তকৰণৰ বিৰুদ্ধে কেইবাটাও বেংক সংগঠনে একেলগে ঘোষণা কৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হৈছে। বেংক অফিচাৰ্চ এছ’চিয়েশ্যনে উত্থাপন কৰা দাবী–আপত্তি বিশ্লেষণ কৰাৰ আশ্বাস দিছে বিত্তমন্ত্ৰীৰ সচিবে। আলোচনাৰ আশ্বাস পোৱাৰ পিছতে ধৰ্মঘট প্ৰত্যাহাৰৰ সিদ্ধান্ত প্ৰতিবাদী সংগঠনৰ। উল্লেখযোগ্য যে বেংক সন্মিলিতকৰণৰ বিৰুদ্ধে ২৬ আৰু ২৭ ছেপ্তেম্বৰত দুদিনীয়া ধৰ্মঘটৰ ঘোষণা কৰিছিল ক্ষুব্ধ সংগঠনে। ধৰ্মঘট প্ৰত্যাহাৰৰ পিছত এই সপ্তাহত শুকুৰবাৰলৈকে বেংক খোলা।
আৰু চাওক পৰৱৰ্তী বাতৰি