বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰা ২৬ বছৰীয়া বেংক মেনেজাৰ বিজয় কুমাৰ বেনিৱালে মাত্ৰ তিনি মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।
ৰাজস্থানৰ হনুমানগড় জিলাৰ (Rajasthan’s Hanumangarh district) ভগৱান গাঁৱৰ বাসিন্দা বিজয় কুমাৰে কুলগামৰ এলাকুৱেই দেহাটি বেংকত কাম কৰিছিল। ১০ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ১০ দিনৰ পিছতে চাকৰিৰ বাবে জন্মু–কাশ্মীৰলৈ উভতি আহিছিল। কিন্তু জম্মু আৰু কাশ্মীৰত সংঘটিত হৈ থকা সম্প্ৰদায়কেন্দ্ৰিক হত্যাই তেওঁক জীয়াই থাকিবলৈ নিদিলে (Bank manager killed in J&K)।
বিজয় কুমাৰৰ (Vijay Kumar Beniwal) দেউতাক ওম প্ৰকাশ বেনিৱালে, যি হনুমানগড়ৰ নোহাৰ তহচিলৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক, তেওঁ কয়, "মই যোৱানিশা তেওঁৰ সৈতে কথা পাতিছিলোঁ। আজি ৰাতিপুৱা ১১ বজাত যেতিয়া মই খাদ্য খাই আছিলোঁ, কোনোবাই মোক ফোন কৰিছিল আৰু কৈছিল যে টিভিত বাতৰি চলি আছে যে বিজয় কুমাৰক গুলীয়াই হত্যা কৰা হৈছে। মই লগে লগে টিভিটো অন কৰিলোঁ আৰু এক শোকে মোক খুন্দা মাৰি ধৰিলে।"
ওম প্ৰকাশ বেনিৱালে জানিবলৈ দিয়া মতে, বিজয়ে অলপতে ৰাজস্থানলৈ আহি তেওঁৰ পত্নীকো লগত লৈ গৈছিল। মাক–দেউতাককো কাশ্মীৰ উপত্যকা দেখুৱাবলৈ লগত নিব বিচাৰিছিল যদিও বিশেষ অসুবিধাত তেওঁলোক যাব নোৱাৰিলে।
শোকবিহ্বল পিতৃয়ে কয়– ''বিজয় কুমাৰ আৰু বোৱাৰীয়ে ৰাজস্থানৰ শিক্ষকসকলৰ বাবে যোগ্যতা পৰীক্ষা দিয়াৰ প্ৰস্তুতি চলাই আছিল আৰু ১৫ জুলাইৰ ভিতৰত উভতি অহাৰ পৰিকল্পনা কৰি আছিল। তেওঁলোক উভতি অহালৈ আমিও বাট চাই আছিলোঁ, আমাৰ ইচ্ছা আছিল এতিয়াও তৈয়াৰ নোহোৱা বিজয়ৰ বিবাহৰ এলবামটো একেলগে চাম!''
এনেদৰে কৈ কান্দি উঠে ২৬ বছৰীয়া মেধাৱী যুৱক বিজয়ৰ পিতৃ। উল্লেখ্য, কাশ্মীৰত পুনৰ কাশ্মীৰী পণ্ডিত তথা বহিৰাগত লোকক উগ্ৰপন্থীয়ে লক্ষ্য কৰি লৈছে। এনে অৱস্থাত বিষয়টোক লৈ দেশজুৰি কেন্দ্ৰীয় চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|