কাশ্মীৰ উপত্যকাত সম্প্ৰদায়কেন্দ্ৰিক হত্যা অব্যাহত আছে। হিন্দু ধৰ্মীয় লোকসকলক নিৰন্তৰ লক্ষ্য কৰি থকা দেখা গৈছে সন্ত্ৰাসবাদী সংগঠনে। বৃহস্পতিবাৰে ৰাজস্থানৰ এজন বেংক কৰ্মচাৰীক কাশ্মীৰৰ কুলগাম জিলাত বেংকত কৰ্মৰত অৱস্থাত গুলীয়ায় উগ্ৰপন্থীয়ে। গুলীৰ আঘাতত বেংক মেনেজাৰজন আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত মৃত্যু হয় (Bank Manager Shot In Kashmir)।
তথ্য অনুসৰি, কুলগামৰ মোহনপোৰাৰ ইলাকী দেহাটি বেংকত নিয়োজিত বেংক মেনেজাৰজনক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে। বেংক মেনেজাৰজনক ৰাজস্থানৰ বিজয় কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
আক্ৰমণটোৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে। ইয়াত দেখা গৈছে এজন সন্ত্ৰাসবাদীয়ে প্ৰথমে বেংকটোলৈ আহে আৰু গুচি যায়, খন্তেক পিছত পুনৰ বেংকলৈ আহি বেগৰ পৰা পিষ্টল উলিয়াই বেংক মেনেজাৰজনক আক্ৰমণ কৰে।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে (Ashok Gehlot) এই হত্যাকাণ্ডক গৰিহণা দিয়ে আৰু শোক প্ৰকাশ কৰে। তেওঁ কাশ্মীৰত শান্তি বজাই ৰখাত ব্যৰ্থ হোৱাৰ বাবে এন ডি এ চৰকাৰকো লক্ষ্য কৰি লয় আৰু নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়।
উল্লেখ্য, ইয়াৰ পূৰ্বে মঙলবাৰে সন্ত্ৰাসবাদীয়ে কুলগামত এগৰাকী হিন্দু মহিলা শিক্ষকক গুলীয়াই হত্যা কৰিছিল। আক্ৰমণকাৰী সন্ত্ৰাসবাদীসকলে বিদ্যালয়ৰ ভিতৰত থকা শিশুসকলৰ সন্মুখতে শিক্ষয়িত্ৰী ৰজনীবালাক গুলীচালনা কৰি হত্যা কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|