Bank Holidays : জানুৱাৰী মাহত ক’ত কিমানদিন বন্ধ থাকিব বেংক

News18 Assam | News18-Assam
Updated:December 27, 2019, 10:41 AM IST
Bank Holidays : জানুৱাৰী মাহত ক’ত কিমানদিন বন্ধ থাকিব বেংক
ভিন্ন স্থানত বেংক বন্ধৰ দিন ভিন্ন হয়। ইয়াৰ ভিতৰত আছে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ।

ভিন্ন স্থানত বেংক বন্ধৰ দিন ভিন্ন হয়। ইয়াৰ ভিতৰত আছে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ।

  • News18 Assam
  • Last Updated: December 27, 2019, 10:41 AM IST
  • Share this:
নতুন বছৰ অৰ্থাৎ ২০২০ চনৰ জানুৱাৰী মাহত যদি আপোনাৰ যদি বেংক সম্বন্ধীয় কোনো কাম আছে তেন্তে চাওক এই প্ৰতিবেদন। জানুৱাৰী মাহত ১০ বন্ধ থাকিব বেংক। অৱশ্যে এই বন্ধ সকলো ঠাইতে একে সময়তে নহয়। ভিন্ন স্থানত বেংক বন্ধৰ দিন ভিন্ন হয়। ইয়াৰ ভিতৰত আছে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ। চাওক জানুৱাৰী মাহত আপোনাৰ ঠাইত কিমানদিন বন্ধ থাকিব বেংক।

১ জানুৱাৰী – নতুন বছৰৰ প্ৰথমটো দিনত একাংশ ৰাজ্যত বন্ধ থাকিব বেংক। আইজল, চেন্নাই, গেংটক আৰু শ্বিলঙত ১ জানুৱাৰীত বন্ধ থাকিব বেংক।

২ জানুৱাৰী – জানুৱাৰীৰ ২ তাৰিখে আইজল আৰু চণ্ডীগড়ত গুৰু গোবিন্দ সিঙৰ জন্মদিনৰ বাবে বন্ধ থাকিব বেংক।

১১ জানুৱাৰী – মাহটোৰ প্ৰথমটো শনিবাৰ। গতিকে এই দিনটোত কোনো ধৰণৰ কাম নহয় বেংকত।

১৪ জানুৱাৰী – মকৰ সংক্ৰান্তিৰ বাবে আহমেদাবাদত বন্ধ থাকিব বেংক।

১৫ জানুৱাৰী – এই দিনটোত উতৰায়ণ পুণ্যকাল মকৰ সংক্ৰান্তি, পোংগল, মাঘ বিহু আৰু টুছু পূজাৰ বাবে বেংগালুৰু, চেন্নাই, গুৱাহাটী, হায়দৰাবাদত বন্ধ থাকিব বেংক।

১৬ জানুৱাৰী – তিৰুৱল্লুৱৰ দিৱস উপলক্ষে চেন্নাইত বেংক বন্ধ।

১৭ জানুৱাৰী – উজহৱাৰ থিৰুনাল উপলক্ষে চেন্নাইত বন্ধ থাকিব বেংকৰ কাম–কাজ।

২৩ জানুৱাৰী – নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন, আগৰতলা আৰু কলকাতাত নহয় বেংকৰ কাম–কাজ।

২৫ জানুৱাৰী – মাহটোৰ চতুৰ্থ শনিবাৰ। চতুৰ্থ শনিবাৰে দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বেংক বন্ধ থাকে।

৩০ জানুৱাৰী – আগৰতলা, ভুবনেশ্বৰ, কলকাতাত সৰস্বতী পূজা বা বসন্ত পঞ্চমী উপলক্ষে বন্ধ থাকিব বেংক।

(RBIৰ ৱেবছাইটতো আপুনি বেংক বন্ধৰ তালিকা চাব পাৰে। প্ৰতিখন ৰাজ্যতে বেংক বন্ধৰ দিন পৃথক পৃথক। বেংক বন্ধৰ তালিকা চাবৰ বাবে ক্লিক কৰক : https://www.rbi.org.in/Scripts/HolidayMatrixDisplay.aspx )
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি