নৱেম্বৰ মাহত কিমান দিন বন্ধ থাকিব বেংক? জানি লওক বংকৰ বন্ধৰ তালিকা

নৱেম্বৰ মাহত ৯ দিন বন্ধ থাকিব বেংকসমূহ। ইয়াৰ ভিতৰত আছে বিভিন্ন ৰাজ্যত হ’বলগীয়া বন্ধৰ লগতে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ।

News18-Assam
Updated:November 1, 2019, 8:34 AM IST
নৱেম্বৰ মাহত কিমান দিন বন্ধ থাকিব বেংক? জানি লওক বংকৰ বন্ধৰ তালিকা
নৱেম্বৰ মাহত ৯ দিন বন্ধ থাকিব বেংকসমূহ। ইয়াৰ ভিতৰত আছে বিভিন্ন ৰাজ্যত হ’বলগীয়া বন্ধৰ লগতে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ।
News18-Assam
Updated: November 1, 2019, 8:34 AM IST
আমাৰ দৈনন্দিত জীৱনৰ সৈতে বেংক ওতঃপ্ৰোতভাৱে জড়িত। সেইবাবে বেংকৰ প্ৰতিটো কথাই জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। যাতে আমি সেইমতে কোনো কামৰ পৰিকল্পনা কৰিব পাৰো। নৱেম্বৰ মাহত কেইবাদিনো বন্ধ থাকিব বেংক সেৱা। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বন্ধৰ তালিকা মতে, নৱেম্বৰ মাহত ষঠ পূজা, মিলাদ–এ–শ্বৰীফ, গুৰুনানক জয়ন্তীসহ কেইবাদিনো বন্ধ থাকিব বেংক। ইয়াৰ উপৰি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰেও বন্ধ থাকিব বেংকৰ কাম–কাজ। উল্লেখযোগ্য যে নৱেম্বৰ মাহত ৯ দিন বন্ধ থাকিব বেংকসমূহ। ইয়াৰ ভিতৰত আছে বিভিন্ন ৰাজ্যত হ’বলগীয়া বন্ধৰ লগতে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ।

কোন দিনা বন্ধ থাকিব বেংক :
>> ১ নৱেম্বৰত বেংগালুৰু আৰু ইম্ফলত কন্নড উৎসৱৰ বাবে বন্ধ থাকিব বেংক।

>> ২ নৱেম্বৰত পাটনা, গুৱাহাটী আৰু ৰাঁচীত ষঠ পূজা উপলক্ষে বন্ধ থাকিব বেংক সেৱা।
>> ৮ নৱেম্বৰত শ্বিলঙত ৱাংগলা ফেষ্টিভেল আছে আৰু এই দিনটোত বন্ধ থাকিব বেংকৰ কাম–কাজ।
>> ৯ নৱেম্বৰত মাহৰ দ্বিতীয় শনিবাৰ। গতিকে সেইদিনা বন্ধ থাকিব বেংকসমূহ।
>> ১২ নৱেম্বৰত গুৰু নানক জয়ন্তী। উক্ত দিনা বেলাপুৰ, ভূপাল, ভুবনেশ্বৰ, চণ্ডীগড়, দেৰাডুন, হায়দৰাবাদ, জয়পুৰ, জম্মু, কাণপুৰ, গুৱাহাটী, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা, ৰায়পুৰ, ৰাঁচী, চিমলা, শ্ৰীনগৰত বন্ধ থাকিব বেংক সেৱা।

>> ১৫ নৱেম্বৰত বেংগালুৰু, জম্মু আৰু শ্ৰীনগৰত কনকদাস জয়ন্তী আৰু ঈদ–উল–মিলাদ–উল–নবী উপলক্ষে বেংকৰ কাম–কাজ–বন্ধ থাকিব।
>> ১৮ নৱেম্বৰত Lhabab Duechen উপলক্ষে গেংটকত বেংক বন্ধ।
>> ২৩ নৱেম্বৰত মাহটোৰ চতুৰ্থ শনিবাৰ। চতুৰ্থ শনিবাৰে দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বেংকৰ কাম–কাজ বন্ধ থাকে।
>> ২৪ নৱেম্বৰত লাচিত দিৱস উপলক্ষে অসমত চৰকাৰী বন্ধ।
আৰু চাওক পৰৱৰ্তী বাতৰি