২০৩০চনলৈকে ভাৰতীয়তকৈ অধিক চহকী হ’ব বাংলাদেশী!

সততে দৰিদ্ৰ দেশ বুলি ঠাট্টা–মস্কৰা কৰি অহা বাংলাদেশৰ জনমুৰি আয় ভাৰতীয়াতকৈ বেছি হ’বলৈ গৈ আছে। চাৰ্টাৰ্ড বেংকৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য।

news18assam
Updated:May 14, 2019, 11:42 AM IST
২০৩০চনলৈকে ভাৰতীয়তকৈ অধিক চহকী হ’ব বাংলাদেশী!
সততে দৰিদ্ৰ দেশ বুলি ঠাট্টা–মস্কৰা কৰি অহা বাংলাদেশৰ জনমুৰি আয় ভাৰতীয়াতকৈ বেছি হ’বলৈ গৈ আছে। চাৰ্টাৰ্ড বেংকৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য।
news18assam
Updated: May 14, 2019, 11:42 AM IST
মাত্ৰ এঘাৰ বছৰ পিছত অৰ্থাৎ ২০৩০ চনৰ ভিতৰত বাংলাদেশী নাগৰিকসকল ভাৰতীয়সকলতকৈ অধিক ধন–সম্পত্তিৰ গৰাকী হ’ব। ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ এক শেহতীয়া সমীক্ষাৰ কথা প্ৰকাশ কৰি ৰাষ্ট্ৰীয় সংবাদমাধ্যম প্ৰিণ্টৰ এক প্ৰতিবেদনত কোৱা হৈছে এই কথা। একক জনগাঁথনিয়ে ভাৰতৰ কাৰণে সুখবৰ কঢ়িয়াই আনিব যদিও বাংলাদেশত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কৰা বিনিয়োগে ভাল ফল দেখুৱাৰ কথা প্ৰতিবেদনত প্ৰকাশ পাইছে। চুবুৰীয়া দেশখনে স্বাস্থ্য আৰু শিক্ষা এই দুয়োটা ক্ষেত্ৰত ভালকৈ বিনিয়োগ কৰাৰ বাবে চৰকাৰী আঁচনিৰ সুবিধা দেশখনৰ নাগৰিকসকলে ভালকৈ গ্ৰহণ কৰাৰ সুবাদত এই কথা সম্ভৱ হোৱাৰ প্ৰসংগ অনা হৈছে।

এই গৱেষণাৰ নেতৃত্ব দিয়া ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ থিমেটিক ৰিচাৰ্ছৰ ভাৰতৰ মুৰব্বী মধুৰ ঝা আৰু বেংকটোৰ গোলকীয় মুৰব্বী ডেভিদ মানে আঙুলিয়াই দিয়ে ২০১০ৰ পৰা ২০২০লৈ এই দশক এছিয়াৰ দশকৰূপে চিহ্নিত হ’ব। এই  অনুসৰি দক্ষিণ এছিয়াৰ দেশসমূহ অৰ্থাৎ ভাৰত, বাংলাদেশ, ভিয়েটনাম, ম্যানমাৰ আৰু ফিলিপাইনছৰৰ বৃদ্ধিৰ পৰিমাণ ৭শতাংশলৈ হোৱাৰ সম্ভাৱনা আছে। ইথিঅ’পিয়া আৰু আইভৰী কস্তৰ বৃদ্ধি ২০২০ৰ ভিতৰত ৭শতাংশ হোৱাটো নিশ্চিত বুলি গৱেষণাত উল্লেখ কৰা হৈছে। ২০৩০চনৰ ভিতৰত ভিয়েটনামৰ জনমুৰি আয় ১০,৪০০ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। ভাৰতকে ধৰি আন দক্ষিণ এছিয়াৰ দেশসমূহতো এনে বৃদ্ধি প্ৰত্যাশা কৰাৰ কথা প্ৰতিবেদনত প্ৰকাশ। ভাৰতৰ একক জনগাঁথনিয়ে আমাৰ দেশক উপকৃত কৰাৰ প্ৰসংগ উল্লেখ কৰি বাংলাদেশে স্বাস্থ্য আৰু শিক্ষা খণ্ডত দিয়া গুৰুত্বৰ প্ৰসংগ উল্লেখ কৰা হৈছে।  তাৎপৰ্যপূৰ্ণ যে চুপাৰপাৱাৰৰ শাৰীত ৰখা চীনৰ বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে আৰু ২০২০চনলৈ বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতিৰ দেশ চীনৰ বিকাশ ৫.৫শতাংশহে হোৱাৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত দেশসমূহে কেৱল আৰ্থিক বৃদ্ধিকে গুৰুত্ব আৰোপ কৰিলে নহ’ব এইক্ষেত্ৰত আয়ৰ ক্ষেত্ৰত অসমতা, অপৰাধ, প্ৰদূষণ আদি সমস্যাৰ মহৌষধ নহয় বুলি মত প্ৰকাশ কৰিছে ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ডৰ প্ৰতিবেদনত।
আৰু চাওক পৰৱৰ্তী বাতৰি