তামিলনাডুৰ কইম্বাটুৰ বিমানবন্দৰত ভাৰতীয় পাছপ’ৰ্টসহ ধৰা পৰিল এজন বাংলাদেশী ( Bangladeshi national)। তথ্য অনুসৰি বাংলাদেশৰ নাগৰিকজনে জাল ভাৰতীয় নথি-পত্ৰৰে পাছপৰ্ট বনাইছিল। এই ঘটনা ২৩ জানুৱাৰীৰ।
সংযুক্ত আৰব আমিৰশ্বাহীৰ শ্বাৰজাহৰ পৰা কইম্বাটুৰ বিমানবন্দৰ (Coimbatore International Airport)ত উপস্থিত হৈছিল ব্যক্তিজন। ইমিগ্ৰেচন অনুসন্ধানৰ সময়ত তেওঁ ভাৰতীয় পাছপ’ৰ্ট আৰু জন্মৰ প্ৰমাণ পত্ৰ দেখুৱাইছিল। কিন্তু বিষয়াজনে তেওঁক সন্দেহ কৰি আছিল। বিমান বন্দৰত সন্দেহবশতঃ ব্যক্তিজনক সোধা-পোছা কৰা হৈছিল। বিমানবন্দৰৰ নিৰাপত্তা বিষয়াৰ সন্দেহ গাঢ় হোৱাত ভাৰতৰ জাতীয় সংগীত গাবলৈ কয়। ব্যক্তিজনে ৰাষ্ট্ৰীয় সংগীত গাব নোৱাৰিলে, তেতিয়া বিষয়াজনে অধিক তদন্ত আৰম্ভ কৰিলে। তেতিয়াই গম পোৱা গ’ল যে ব্যক্তিজন বাংলাদেশী নাগৰিক, ভুৱা নথি-পত্ৰ বনাই ভাৰতত বাস কৰি আছিল।
আৰক্ষীয়ে তদন্ত কৰি জানিব পাৰে যে অভিযুক্ত বাংলাদেশৰ আনোৱাৰ হুছেইন। অভিযুক্তৰ বয়স ২৮ বছৰ বুলি উল্লেখ কৰা হৈছে। তথ্য অনুসৰি অভিযুক্ত আনোৱাৰ হুছেইন বাংলাদেশৰ মৈমনসিঙৰ এখন গাঁৱৰ বাসিন্দা।
সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হয়। ভুৱা চৰকাৰী নথি-পত্ৰ তৈয়াৰ কৰাৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে (Bangladeshi national with fake passport caught in Coimbatore)। অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যে তেওঁ কেনেকৈ আৰু ক’ৰ পৰা ভাৰতীয় ভুৱা নথি-পত্ৰ নিৰ্মাণ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|