পশ্চিম বংগত মমতা বেনাৰ্জীৰ হৈ বাংলাদেশী অভিনেতাৰ প্ৰচাৰ, ‍বাংলাদেশী প্ৰীতিৰ বাবে দিদিক ভৎৰ্সনা বিজেপিৰ

পশ্চিমবংগত তৃণমূলৰ প্ৰাৰ্থী কানাইয়া লাল আগৰৱালাৰ হৈ প্ৰচাৰ চলায় ফিৰদৌছে। দিদিৰ দলৰ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব বাতিল কৰাৰ দাবী বিজেপিৰ।

news18assam
Updated:April 17, 2019, 3:48 PM IST
পশ্চিম বংগত মমতা বেনাৰ্জীৰ হৈ বাংলাদেশী অভিনেতাৰ প্ৰচাৰ, ‍বাংলাদেশী প্ৰীতিৰ বাবে দিদিক ভৎৰ্সনা বিজেপিৰ
‍বাংলাদেশী তাৰকা ফিৰদৌছ(একেবাৰে সোঁফালে), লগত টলিউড শিল্পী পায়েল সৰকাৰ আৰু অংকুশ। পশ্চিমবংগত মমতা বেনাৰ্জীৰ হৈ প্ৰচাৰ চলোৱা সময়ত।
news18assam
Updated: April 17, 2019, 3:48 PM IST
বাংলাদেশী তাৰকা ফিৰদৌছে নিৰ্বাচনী প্ৰচাৰ চলোৱাক বিৰোধীৰ কঠোৰ আক্ৰমণৰ সন্মুখীন হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ সতীৰ্থ কানাইয়া লাল আগৰৱালৰ হৈ উত্তৰ দিনাজপুৰ জিলাৰ ৰায়গঞ্জত বাংলাদেশী তাৰকা ফিৰদৌছ আহমেদ নুৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈছে মমতা বেনাৰ্জী। বাঙালী অভিনেতা–অভিনেত্ৰী পায়েল সৰকাৰ আৰু অংকুশৰ সৈতে ৰায়গঞ্জ আৰু হেমটাবাদৰ ৰোড শ্ব’ত অংশ লৈছিল ফিৰদৌছে। ব্যৱসায়ী ভিছাৰে ভাৰতলৈ অহা ফিৰদৌছে কেনেকৈ ভাৰতীয় নিৰ্বাচনৰ প্ৰচাৰত অংশ ল’লে? এই প্ৰশ্নৰে তৃণমূলক সমালোচনা বিৰোধী নেতা মুকুল ৰয়ৰ। মঙলবাৰে বিজেপিৰ এটা প্ৰতিনিধি দলে এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচনী আয়োগক এক অভিযোগ দাখিল কৰে। নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাক লৈ মমতাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি নেতৃত্ব। নিউজ18ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মুকুল ৰয়ে কয়, "এইটো অতি গুৰুতৰ বিষয় হৈছে। নিৰ্বাচনী আচৰণবিধি মুকুলিকৈ ভংগ কৰা হৈছে। মই নিৰ্বাচন আয়োগক অনুৰোধ কৰিছো তৃণমূলৰ প্ৰাৰ্থীগৰাকীৰ প্ৰাথিত্ব তাৎক্ষণিকভাৱে বাতিল হ’ব লাগে। তৃণমূলে এই প্ৰশ্নৰ উত্তৰ দিয়ক এজন বাংলাদেশী অভিনেতাৰ প্ৰয়োজন কিয় হ’ল? মোৰ ৰাজনৈতিক জীৱনত এনে ঘটনা মই কেতিয়াও নাই দেখা। আজি ফিৰদৌছক অনা হৈছে। কাইলৈ কোনোবাই নিৰ্বাচনী প্ৰচাৰৰ বাবে ডনাল্ড ট্ৰাম্পক মাতি আনিব।"

নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ মুখ্য সচিব কে এফ উইলফ্ৰেডে কয়, "নিৰ্বাচন আয়োগৰ বিধিৰ অধীনত এই সন্দৰ্ভত কোনো উল্লেখ নাই। কিন্তু আমি তেওঁৰ ভিছাৰ বাবে ভাৰত ভ্ৰমণৰ উদ্দেশ্য  বিশ্লেষণ কৰিম। কোনো বিদেশীয়ে যিকোনো পৰিস্থিতিতে ভাৰতত নিৰ্বাচনী সভা, ৰোড শ্ব’ত অংশ ল’ব নোৱাৰে। এই ক্ষেত্ৰত অভিযোগ মতে উচিত ব্যৱস্থা লোৱা হ’ব।"

আনহাতে মমতাৰ দলৰ প্ৰাৰ্থীগৰাকীৰ এজেণ্টে বাংলাদেশী তাৰকা ফিৰদৌছক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিমন্ত্ৰণ কৰি অনাৰ কথা স্বীকাৰ কৰিছে।



'এক কাপ চা'ৰ বাবে বিখ্যাত ফিৰদৌছ চুবুৰীয়া ৰাষ্ট্ৰখনৰ এজন জনপ্ৰিয় তাৰকা।

উল্লেখযোগ্য যে পশ্চিম বংগৰ বহুকেইটা সমষ্টিত নিৰ্বাচনত মুছলিম ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। বিশেষকৈ মুৰ্ছিদাবাদ, দিনাজপুৰ আৰু মালডাত ইছলামধৰ্মী লোকৰ ভোটৰ যথেষ্ট গুৰুত্ব আছে। কেৱল কলকাতাত ২২% মুছলমান ভোটাৰ আছে, মুৰ্ছিদাবাদত প্ৰায় ৬৭%, মালডাত ৫২% আৰু উত্তৰ দিনাজপুৰত ৫১% ভোটাৰ সংখ্যালঘূ সম্প্ৰদায়ৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি