• Home
  • »
  • News
  • »
  • nation
  • »
  • বাংলাদেশৰ পৰা ১৯৭১ চনৰ পিছত ভাৰতলৈ অহা নাই এজনো অনুপ্ৰৱেশকাৰী, বাংলাদেশৰ গৃহমন্ত্ৰীৰ দাবী

বাংলাদেশৰ পৰা ১৯৭১ চনৰ পিছত ভাৰতলৈ অহা নাই এজনো অনুপ্ৰৱেশকাৰী, বাংলাদেশৰ গৃহমন্ত্ৰীৰ দাবী

শেহতীয়াকৈ পশ্চিমবংগ ভ্ৰমণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছিল যে বে–আইনীভাৱে বাংলাদেশলৈ ঘুৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব।

শেহতীয়াকৈ পশ্চিমবংগ ভ্ৰমণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছিল যে বে–আইনীভাৱে বাংলাদেশলৈ ঘুৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব।

শেহতীয়াকৈ পশ্চিমবংগ ভ্ৰমণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছিল যে বে–আইনীভাৱে বাংলাদেশলৈ ঘুৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব।

  • Share this:
১৯৭১চনৰ পিছত ভাৰতত এজনো বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰা নাই। এই দাবী বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানৰ। বৃহস্পতিবাৰে News18 ক দিয়া সাক্ষাৎকাৰত এই দাবী কৰে তেওঁ।

তাৎপৰ্যপূৰ্ণ যে শেহতীয়াকৈ পশ্চিমবংগ ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অবৈধ বাংলাদেশী খেদি দিয়াক লৈ পুনৰ হুংকাৰ দিছিল। অমিত শ্বাহৰ এই মন্তব্যৰ উত্তৰ দিয়ে আছাদুজ্জামানে। তেওঁ কয়, 'মই সজোৰে দাবী কৰিছো যে, ১৯৭১ চনৰ পিছত বাংলাদেশৰ পৰা এজনো ব্যক্তিয়ে বেআইনীভাৱে ভাৰতত প্ৰৱেশ কৰা নাই। ভাৰত আমাৰ অত্যন্ত ভাল বন্ধু আৰু আমি ভাবো যে এই বিষয়সমূহৰ প্ৰভাৱ দুই দেশৰ সম্পৰ্কত যাতে নপৰে।' লগতে এনআৰচি তথা চিএএ ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলিও তেওঁ মন্তব্য কৰে। এই বিষয়ত বিশেষ মূৰ ঘমাবলগীয়া নাই বুলিও তেওঁ কয়। 'এনআৰচি তথা চিএএক লৈ আমাৰ বিন্দুমাত্ৰও ভাবিবলগীয়া নাই। বাংলাদেশ স্বাধীন হোৱাৰ পিছত কোনো বেআইনীভাৱে ভাৰতলৈ যোৱা নাই। দেশ বিভাজনৰ সময়ত কিছু লোক ভাৰতলৈ গৈছিল ঠিকেই কিন্তু তাৰ পিছত নাই যোৱা।’

সংশোধিত নাগৰিকত্ব আইন বা চিএএ খুব শীঘ্ৰেই কাৰ্যকৰী কৰাৰ ঘোষণা পশ্চিমবংগত কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰোপৰি অসমত চৰকাৰ গঠন হ’লে ন্যায়ালয়ে অনুমতি দিলে এনআৰচি নতুনকৈ কৰি তালিকাত নাম সোমোৱা অবৈধ লোকক বহিষ্কাৰ কৰাৰো ঘোষণা কৰিছিল মন্ত্ৰী ডঃ হিমন্ত বিশ্বই। কা বাতিল আৰু এখন শুদ্ধ এনআৰচিৰ দাবী জোৰদাৰ হোৱাৰ সময়তে অবৈধ অনুপ্ৰৱেশৰ কথা মানিবলৈ অস্বীকাৰ কৰে আছাদুজ্জামানে। বাংলাদেশৰ গৃহমন্ত্ৰীৰ ওলোটা প্ৰশ্ন, 'বাংলাদেশৰ মানুহে কিয় ভাৰতত অনুপ্রৱেশ কৰিবলৈ যাব? বাংলাদেশ ইমান দৰিদ্ৰ ৰাষ্ট্ৰ নহয় যে ইয়াৰ পৰা মানুহ গৈ ভাৰতত গৈ আশ্ৰয় ল’ব। বর্তমান আমাৰ জিডিপি বৃদ্ধি পোৱাৰ লগতে জনমুৰি আয় যথেষ্ট ভাল। জীৱনধাৰণৰ মানো বাংলাদেশত উন্নত।'

বাংলাদেশৰ সৈতে ভাৰতৰ ৪০৯৬ কিলোমিটাৰ দীৰ্ঘ সীমান্ত আছে। ইয়াৰ ভিতৰত ভাৰতৰ পশ্চিমবংগত (২২১৬.৭ কি.মি), অসমত (২৬৩ কি.মি), মেঘালয়ত (৪৪৩ কি.মি), ত্রিপুৰাত (৮৫৬ কি.মি) তথা মিজোৰাম (৯৩১৮ কি.মি) সীমান্ত আছে৷ গতিকে সীমান্তত অপৰাধমূলক কার্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত দুই দেশৰ সেনাই প্ৰাণঘাতী উপায় অৱলম্বন নকৰি অন্যভাৱে সমস্যাৰ সমাধান কৰা উচিত বুলি দাবী কৰে বাংলাদেশৰ গৃহমন্ত্ৰীজনে।
First published:

শেহতীয়া বাতৰি