বাংলাদেশত সামগ্ৰী উৎপাদন কৰি উত্তৰ পূৱত বিক্ৰী কৰিবলৈ ভাৰতীয় উদ্যোগীক আহ্বান শ্বেখ হাছিনাৰ
News18 Updated:October 5, 2019, 1:04 PM IST

দিল্লীত মন্তব্য শ্বেখ হাছিনাৰ।
বিনিয়োগ আৰু বিক্ৰীৰ সুবিধাৰ কাৰণে চুবুৰীয়া দেশ খনে ১০০ টা বিশেষ অৰ্থনৈতিক জ’ন নির্মাণৰ অনুমোদন জনাইছে আৰু তাৰে ১২ টা ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে বুলি দাবী কৰিছে বাংলাদেশৰ প্রধানমন্ত্ৰী গৰাকীয়ে।
ভাৰতীয় উদ্যোগীয়ে উত্তৰ পূৱত বিনিয়োগ নকৰি বাংলাদেশত সামগ্ৰী উৎপাদন কৰি উত্তৰ পূৱক মাথো বজাৰ হিচাপে গণ্য কৰাৰ দিশত হাচিনাই কৰা এই মন্তব্যই তীব্র প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।