মাতৃক হত্যা কৰি আন্দামান নিকোবৰত বন্ধুৰ সৈতে আত্মগোপন এগৰাকী যুৱতীৰ

News18 Assam | News18-Assam
Updated:February 6, 2020, 2:19 PM IST
মাতৃক হত্যা কৰি আন্দামান নিকোবৰত বন্ধুৰ সৈতে আত্মগোপন এগৰাকী যুৱতীৰ
মাতৃক হত্যা কৰি শ্ৰীধৰ নামৰ এজন যুৱকৰ সৈতে পলাই যায় যুৱতীগৰাকী

মাতৃক হত্যা কৰি শ্ৰীধৰ নামৰ এজন যুৱকৰ সৈতে পলাই যায় যুৱতীগৰাকী

  • Share this:
এক নৃশংস হত্যাকাণ্ড। নিজ মাতৃক হত্যা কৰি আন্দামান নিকোবৰ দ্বীপপুঞ্জত আত্মগোপন এগৰাকী যুৱতীৰ। যুৱতীগৰাকীৰ নাম অমৰুথা চন্দ্ৰশেখৰ, পেচাত এগৰাকী চফ্টৱেৰ অভিযন্তা। দেওবাৰে অমৰুথাই বাংগালুৰুৰ নিজা বাসগৃহতে মাতৃক হত্যা কৰাৰ লগতে ভাতৃক প্ৰহাৰ কৰি শ্ৰীধৰ নামৰ এজন বন্ধুৰ সৈতে পলায়ন কৰে।

ওচৰ চুবুৰীয়াৰ চিচি টিভি কেমেৰাত আৱদ্ধ হয় আমৰুথা যুৱকজনৰ সৈতে পলায় যোৱাৰ সমগ্ৰ দৃশ্য। পিছত আৰক্ষীয়ে চিচি টিভিত আবদ্ধ হোৱা দৃশ্য কেইটাৰ পৰাই আৰম্ভ কৰে তদন্ত অভিযান।

আন্দামান নিকোৱৰত যিজন বন্ধুৰ সৈতে অমৰুথা চন্দ্ৰশেখৰে আত্মগোপন কৰি আছিল সেই যুৱকজনৰ নাম শ্ৰীধৰ ৰাওঁ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। ইতিমধ্যে দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বাংগালুৰুলৈ লৈ অনা হৈছে।

উল্লেখযোগ্য যে,  শনিবাৰে একেলগে হায়দৰাবাদলৈ যাবলৈ আমৰুথাই মাতৃ নিৰ্মলা আৰু ভাতৃ হৰিশৰ কাৰণে বিমানৰ টিকট কৰিছিল। দেওবাৰে পুৱা  ৪ বজাত ভাতৃ হৰিথে আমৰুথাৰ কোঠাৰ পৰা চিঞৰ শুনে, লগতে সি লক্ষ্য কৰে যে, আমৰুথাই কিবা বিচাৰি আছে। যেতিয়া কি বিচাৰি থকা বুলি হৰিথে প্ৰশ্ন কৰে, তেতিয়া আমৰুথাই ক’লে যে তাই হায়দৰাবাদ যাবলৈ ‘Packing’ কৰি আছে।

ঠিক ১৫ মিনিটৰ পিছতে অমৰুথাই এখন চুৰি হাতত ভাতৃ হৰিথৰ কোঠালৈ সোমাই আহে। আমৰুথাৰ হাতত চুৰী দেখি হৰিথে মাতৃক চিঞৰে, তেতিয়া আমৰুথাই কয় যে,  হাতত থকা চুৰীখনেৰে তাই ইতিমধ্যে মাতৃক হত্যা কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি