ৰাজ্যৰ অন্যতম প্ৰকাশন গোষ্ঠী "বনলতা"ৰ স্বত্বাধিকাৰী মাখন হাজৰিকা আৰু নাই

কিছুদিনৰে পৰা স্বাস্থ্যজনিত কাৰণত নিজ ঘৰতে চিকিৎসাধীন হৈ আছিল মাখন হাজৰিকা
কিছুদিনৰে পৰা স্বাস্থ্যজনিত কাৰণত নিজ ঘৰতে চিকিৎসাধীন হৈ আছিল মাখন হাজৰিকা
- News18 Assam
- Last Updated: February 21, 2021, 1:24 PM IST
সুৰ্দীৰ্ঘকাল গ্ৰন্থ প্ৰকাশ আৰু বিক্ৰীৰ সৈতে জড়িত প্ৰয়াত সৰ্ব্বেশ্বৰ হাজৰিকা তথা ফুল হাজৰিকাৰ পুত্ৰ মাখন হাজৰিকাই ১৯৪৭ চনত মাজুলীত জন্ম গ্ৰহণ কৰি খুৰাক চন্দ্ৰ কান্ত হাজৰিকাৰ সৈতে ডিব্ৰুগড়লৈ আহে আৰু ১৯৭২ চনত ডিব্ৰুগড়ত বনলতা নামেৰে এখন গ্ৰন্থৰ বিপনী চহৰৰ নতুন বজাৰত স্থাপন কৰে।
তাৰ পিছৰ পৰাই সমগ্ৰ অসমত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল মাখন হাজৰিকা।মৃত্যুৰ সময়ত পত্নী ৰুলী হাজৰিকা,পুত্ৰ প্ৰদ্যুৎ হাজৰিকা,বোৱাৰী বিদিশা হাজৰিকাকে ধৰি অনেক গুণমুগ্ধক এৰি থৈ যায়। তেখেতৰ মৃত্যুত সমগ্ৰ ডিব্ৰুগড়তে গভীৰ শোকৰ ছাঁ পৰিছে।