'গো-মুত্ৰ সেৱনেহে প্ৰতিহত কৰিব কোৰোণা ভাইৰাছ'- বিজেপি বিধায়কে এইবাৰ গো-মুত্ৰ খাই দেখুৱালে DEMO

News18 Assam | News18-Assam
Updated:May 8, 2021, 12:31 PM IST
'গো-মুত্ৰ সেৱনেহে প্ৰতিহত কৰিব কোৰোণা ভাইৰাছ'- বিজেপি বিধায়কে এইবাৰ গো-মুত্ৰ খাই দেখুৱালে DEMO
'Ballia News'- ভাইৰেল ভিডিওটোত গো-মুত্ৰ সেৱন কৰি থকা বাৰিয়াৰ বিধায়ক সুৰেন্দ্ৰ সিঙে কয় যে, তেওঁ প্ৰতিদিনেই গো-মুত্ৰ সেৱন কৰে, যিয়ে তেওঁক সম্পূৰ্ণৰূপে স্বাস্থ্যৱান কৰি ৰাখিছে।

'Ballia News'- ভাইৰেল ভিডিওটোত গো-মুত্ৰ সেৱন কৰি থকা বাৰিয়াৰ বিধায়ক সুৰেন্দ্ৰ সিঙে কয় যে, তেওঁ প্ৰতিদিনেই গো-মুত্ৰ সেৱন কৰে, যিয়ে তেওঁক সম্পূৰ্ণৰূপে স্বাস্থ্যৱান কৰি ৰাখিছে।

  • Share this:
দেশত চলি থকা কোৰোণাকালীন ভয়ংকৰ পৰিস্থিতিৰ মাজতে পুনৰ এবাৰ গো-মুত্ৰক লৈ চৰ্চা আৰম্ভ হৈছে । বিগত বৰ্ষৰ দৰে এইবাৰো ভাইৰেল হৈ পৰিছে বিজেপি বিধায়কৰ গো-মুত্ৰ সেৱনৰ ভিডিও। কোভিডৰ সময়তে এইবাৰ গো-মুত্ৰ সেৱন কৰি থকা দেখিবলৈ পোৱা গ'ল উত্তৰ-প্ৰদেশৰ বেৰিয়াৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙক। যি ভিডিও এতিয়া ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত ।

কেৱল গো-মুত্ৰ সেৱন কৰাই নহয়, ভিডিওটোত গো-মুত্ৰক লৈ বিজেপি বিধায়কগৰাকীয়ে কৰা এক উদ্ভট দাবীক লৈও আৰম্ভ হৈছে চৰ্চা। য'ত বিজেপি বিধায়ক সিঙে দাবী কৰিছে যে, নিয়মীয়াকৈ গো-মুত্ৰ সেৱন কৰিলে নহয় কোভিড সংক্ৰমণ ।

ভাইৰেল ভিডিঅ'টোত নিজেই গো-মুত্ৰ সেৱন কৰি থকা বাৰিয়াৰ বিধায়ক সুৰেন্দ্ৰ সিঙে কয় যে, তেওঁ প্ৰতিদিনেই গো-মুত্ৰ সেৱন কৰে, যিয়ে তেওঁ সম্পূৰ্ণৰূপে স্বাস্থ্যৱান কৰি ৰাখে। আনকি বিধায়ক সিঙে সকলোকে গো-মুত্ৰ খাবলৈ পৰামৰ্শও দিয়ে। তেওঁ দাবী কৰে যে, নিয়মীয়াকৈ গো-মুত্ৰ সেৱনৰ ফলত কেৱল কোৰোণাই নহয়, যিকোনো ৰোগৰ সৈতে মোকাবিলা কৰিব পাৰি।

ইপিনে ভিডিওটোত বিধায়কগৰাকীয়ে পুনৰ বেৰিয়া বিধানসভাৰ সমষ্টিৰৰ অন্তৰ্গত সকলো জনতাক উদ্দেশ্যি কয় এনেদৰে, "এইটো পতঞ্জলিৰ গোধন নিষ্কাশন। মই প্ৰতিদিনে ৰাতিপুৱা খালী পেটত ঠাণ্ডা পানীত পাঁচ চামুচ গো-মুত্ৰ মিহলি কৰি খাও। মই নাজানো ইয়াৰ বৈজ্ঞানিক উপাদানটো কি ? কিন্তু এয়া সেৱন কৰিয়েই মই একেৰাহে ১৮ ঘণ্টা আপোনালোকৰ মাজত থাকো। মই দেখুৱাব বিচাৰো যে ময়ো গো-মুত্ৰ সেৱন কৰো।"

সিঙৰ ভাষ্য, "বিজ্ঞানে ইয়াক গ্ৰহণ কৰক বা নকৰক, মোৰ সম্পূৰ্ণ বিশ্বাস, কেৱল গো-মুত্ৰ সেৱন কৰিহে কোৰোণাৰ দৰে মহামাৰীক নিয়ন্ত্ৰণ কৰিব পাৰি। বিজ্ঞানৰ ইমান বিকাশ হোৱা স্বত্বেও, সমগ্ৰ বিশ্বৰ লোক মহামাৰীৰ বলি হৈছে । তেনেস্থলত ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি আমাৰ পূৰ্বপুৰুষসকলৰ পৰম্পৰাক মানি লোৱা উচিত। ৫০ টকাতে এটা বটল লওক আৰু ১০ দিনলৈকে আৰামেৰে ইয়াক সেৱন কৰক। যদি আপোনাৰ ওচৰত এয়াও নাই, তেন্তে যিকোনো গৰুৰ পৰা নিয়মীয়াকৈ গো-মুত্ৰ সেৱন কৰক। মই মোৰ ব্যক্তিগত অভিজ্ঞতা আপোনাৰ সন্মুখত আগবঢ়াইছো।''

উল্লেখ্য যে, বিগত বৰ্ষতো দেশত কোৰোণাৰ সংহাৰ চলি থকাৰ মাজতে গো-মুত্ৰক লৈ এনে বিশ্বাস আৰু বিজেপি বিধায়কৰ এনে কাণ্ড ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত ।
Published by: Himangshu Bhuyan
First published: May 8, 2021, 12:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি