বায়ুসেনা দিৱসত অভিনন্দনে উৰুৱালে MiG, বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পাইলটে দেখুৱালে অদম্য শক্তি

বায়ুসেনা দিৱস উপলক্ষে MiG-21ৰ উপৰি তেজস, সাৰংগ হেলিকপ্টাৰ, সুখই আৰু গ্লোবমাষ্টাৰৰ দৰে যুঁজাৰু বিমানৰ পাইলটেও আকাশমাৰ্গত প্ৰদৰ্শন কৰিলে শক্তি।

News18-Assam
Updated:October 8, 2019, 12:40 PM IST
বায়ুসেনা দিৱসত অভিনন্দনে উৰুৱালে MiG, বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পাইলটে দেখুৱালে অদম্য শক্তি
বায়ুসেনা দিৱস উপলক্ষে MiG-21ৰ উপৰি তেজস, সাৰংগ হেলিকপ্টাৰ, সুখই আৰু গ্লোবমাষ্টাৰৰ দৰে যুঁজাৰু বিমানৰ পাইলটেও আকাশমাৰ্গত প্ৰদৰ্শন কৰিলে শক্তি।
News18-Assam
Updated: October 8, 2019, 12:40 PM IST
আজি ৮৭সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস। এই উপলক্ষে স্থলসেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱট, বায়ুসেনাৰ প্ৰধান চীফ মাৰ্শ্বাল আৰ কে এছ ভদোৰিয়া আৰু নৌসেনা এডমিৰেল কৰমবীৰ সিঙে ইণ্ডিয়া গে’টস্থিত যুদ্ধ স্মাৰকলৈ গৈ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গাজিয়াবাদৰ হিণ্ডন এয়াৰবেছত অনুষ্ঠিত হয় বায়ুসেনা দিৱসৰ পেৰেড। এই অনুষ্ঠানত উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানসহ বালাকোট এয়াৰ ষ্ট্ৰাইকত অংশ লোৱা সকলো পাইলটে প্ৰদৰ্শন কৰিলে বায়ুসেনাৰ অদম্য শক্তি। অভিনন্দনে উৰুৱালে MiG-21 যুঁজাৰু বিমান। স্বাধীনতা দিৱসত বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল উইং কমাণ্ডাৰ অভিনন্দনক।

বায়ুসেনা দিৱস উপলক্ষে MiG-21ৰ উপৰি তেজস, সাৰংগ হেলিকপ্টাৰ, সুখই আৰু গ্লোবমাষ্টাৰৰ দৰে যুঁজাৰু বিমানৰ পাইলটেও আকাশমাৰ্গত প্ৰদৰ্শন কৰিলে শক্তি। উল্লেখযোগ্য যে ১৯৩২ চনৰ ৮ অক্টোবৰত গঠিত হৈছিল ভাৰতীয় বায়ুসেনা। প্ৰতিবছৰে এই দিনটো হিণ্ডন এয়াৰ বেছত পালন কৰা হয়।


বায়ুসেনা দিৱসত এয়াৰ মাৰ্শ্বাল আৰ কে এছ ভদোৰিয়াই কয় যে আমাৰ জোৱানে এই বৰ্ষত বালাকোটত এয়াৰ ষ্ট্ৰাইকেৰে শক্তিৰ প্ৰমাণ দিছে, যদি প্ৰয়োজন হয় তেন্তে পুনৰ যিকোনো পদক্ষেপ ল’বলৈ সাজু আছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক পৰৱৰ্তী বাতৰি