বাঘজান তেল খাদৰ পৰা অস্বাভাৱিক প্ৰাকৃতিক গেছ নিৰ্গত হোৱা আৰু পৰবৰ্তী পৰ্যায়ত অগ্নিকাণ্ডৰ সংগঠিত হোৱা ঘটনাৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জুনৰ ১১ তাৰিখে এখন তিনিজনীয়া তদন্ত কমিটী গঠন কৰি দিছিল । এই কমিটীৰ অধ্যক্ষ জন হ'ল পেট্ৰোলিয়াম মন্ত্ৰণালয়ৰ অধীনস্থ হাইড্ৰ’কাৰ্বন সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান এচ চি এল দাস।
কিন্তু অতি সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে জেষ্ঠ IAS বিষয়া দাসক দিল্লী মহানগৰীত ভয়াবহ ৰূপ লোৱা Covid-19 মহামাৰী প্ৰতিৰোধ কৰিবলৈও দায়িত্ব প্ৰদান কৰিছে। দেওবাৰে দিল্লী চৰকাৰক সহযোগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চাৰিজন IAS বিষয়াক স্থানান্তৰ কৰিছে আৰু দুজনক দিল্লী চৰকাৰৰ লগত সংযুক্ত কৰিছে ।
তেনেস্থলত বাঘজান কাণ্ডৰ তদন্তৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নতুন কমিটী গঠন কৰিব নে দাসৰ নেতৃত্বতে তদন্ত আগবাঢ়িব সেয়া সময়ত স্পষ্ট হৈ পৰিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 15, 2020, 19:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।