সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে 'বচপন কা প্যাৰ' (Bachpan Ka Pyar) খ্যাত ১০ বছৰীয়া কণমানি সহদেৱ ডিৰ্ডো (Sahdev Dirdo). মঙলবাৰে চত্তিশগড়ৰ ছুকমাত এক বাইক এক্সিডেণ্ট (Bike Accident)ত গুৰুতৰভাৱে আহত হোৱাৰ পিছৰে পৰা চিকিৎসাধীন হৈ আছে সহদেৱ। লহদেৱে বহি গৈ থকা বাইকখন হঠাৎ ৰাজপথৰ পৰা ওফৰি পৰেগৈ। বাতৰি মতে সহদেৱে হেলমেট পিন্ধি থকা নাছিল আৰু সেয়ে মূৰত কিছু গুৰুতৰ আঘাত পাইছে। বৰ্তমান জগদলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে সহদেৱ ডিৰ্ডোৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।
সহদেৱ ডিৰ্ডোৰ দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে দেশজুৰি হাহাকাৰ লাগে। জনপ্ৰিয় ৰেপাৰ বাদশ্বাহে (Badshah) ডিৰ্ডোৰ প্ৰতি মুহূৰ্তৰ খবৰ লৈ আছে। বাদশ্বাহে সহদেৱ ডিৰ্ডোৰ সৈতে অলপতে বচপন কা প্যাৰ (Bachpan Ka Pyar) গানটোৰ এক নতুন ভাৰ্ছন প্ৰস্তুত কৰিছিল। বাদশ্বাহে সহদেৱৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে আৰু সকলোকে কণমানিটোৰ বাবে প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে সহদেৱ ডিৰ্ডো নক্সাল অধ্যুষিত ছুকমা জিলাৰ বাসিন্দা। এই বছৰৰ আৰম্ভণিৰ ফালে বচপন কা প্যাৰ গানটো গাই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছৰে পৰা দেশবাসীৰ নয়নৰমণি হৈ পৰিছিল সহদেৱ।
ইয়াৰ পিছতে বাদশ্বেহে সহদেৱৰ সৈতে গানটোৰ এটা নতুন ভাৰ্ছন মুকলি কৰিছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
এতিয়া সকলোৰে প্ৰাৰ্থনা সোনকালে যাতে সুস্থ হৈ উঠে সহদেৱ ডিৰ্ডো।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|