নৃশংস! সপ্তমবাৰলৈ কন্যা সন্তান জন্ম হোৱাত আঁচুৰি আঁচুৰি হত্যা কৰিলে পৰিয়ালে
News18-Assam Updated:July 18, 2019, 4:56 PM IST

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাটি খান্দি উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাটি খান্দি উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ।
- News18 Assam
- Last Updated: July 18, 2019, 4:56 PM IST
জানিব পৰা মতে, শিন্ধেৰ পত্নীয়ে ২৮ জুনত জন্ম দিছিল এটি কন্যা সন্তান। ইয়াৰ পিছতে ঘৰখনত সৃষ্টি হৈছিল এক ক্ষোভৰ। পিছদিনাই পৰিয়ালটোৱে শিশুটিক নৃশংসভাৱে হত্যা কৰে। এজন লোকে আৰক্ষীক অৱগত কৰে এই ঘটনাৰ বিষয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাটি খান্দি উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। আৰক্ষীয়ে কণমানিটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাত জড়িতৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে। মৃত শিশুটিৰ পিতৃ কামৰ সন্ধানত ছত্তীশগড়লৈ যোৱাৰ সময়তে সংঘটিত হয় এই জঘন্য ঘটনা।